ছ’চিয়েল মিডিয়াত ‘কা’ৰ সমর্থনত প্রচাৰ মোদীৰ

‘কা’ৰ সমর্থনত প্রচাৰ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত নতুন নাগৰিকত্ব সংশোধনী আইনক লৈ প্রতিবাদ অব্যাহত থকাৰ সময়তে আজি এই আইনখনৰ সমর্থনত ছ’চিয়েল মিডিয়াত প্রচাৰ অভিযান আৰম্ভ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আইনখনক লৈ বিভিন্ন ৰাজহুৱা সভাত মন্তব্য কৰি অহা প্রধানমন্ত্রী মোদীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনখনৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্রত ধর্মীয় নির্যাতনৰ বলি হৈ দেশত আশ্রয় লৈ থকা শৰণার্থীক নাগৰিকত্ব প্রদান কৰা হ’ব৷ ছ’চিয়েল মিডিয়াত এই আইনখনৰ সমর্থনত অভিযান আৰম্ভ কৰি প্রধানমন্ত্রী মোদীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে শৰণার্থীক নাগৰিকত্ব প্রদান কৰা হ’ব৷ কিন্তু আইনখনৰ জৰিয়তে কাৰো নাগৰিকত্ব কাঢ়ি লোৱা নহয়৷ টুইটাৰত প্রধানমন্ত্রী মোদীয়ে এপৰ জৰিয়তে বিভিন্ন মন্তব্যৰ লগতে আইনখনক গ্রাফিকছো প্রদান কৰে৷ উল্লেখ্য যে ইতিমধ্যে বিজেপিয়ে ‘কা’ৰ সমর্থনত দেশব্যাপী অভিযান আৰম্ভ কৰিছে৷

‘কা’ৰ সমর্থনত প্রচাৰ
Comments (0)
Add Comment