ছত্তিশগড়ৰ বাস্তাৰত আইইডি বোমা উদ্ধাৰ; চিআৰপিএফৰ দ্বাৰা নিষ্ক্ৰিয়

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ চিআৰপিএফৰ এটা পহৰাদাৰী টীমে ছত্তিশগড়ৰ বাস্তাৰত নিৰ্মীয়মান পথৰ দাঁতিত উদ্ধাৰ কৰে এটা আইইডি বোমা ।

অৱশ্যে সহকাৰী কামাণ্ডাৰ আশীষ মিশ্ৰৰ নেতৃত্বত যোৱা টীমটোৱে ঘটনাস্থলীতে আইইডি বোমাটো নিষ্ক্ৰিয় কৰে ।

উল্লখ্য যে বোমাটো উদ্ধাৰ কৰাৰ সময়ত চিআৰপিএফৰ টীমটোৱে পহৰা দি আছিল । লগতে এই আইইডি টো প্ৰায় ৩-৪ কিলোগ্ৰাম ওজনৰ আছিল বুলি জনা গৈছে।

Comments (0)
Add Comment