ছিয়াচিনত ৪ জন জোৱানসহ ২ জন নাগৰিক নিহত

নিউজডেস্ক, ১৯ নৱেম্বৰঃ ছিয়াচিন হ’ল বিশ্বৰ ভিতৰতে আটাইতকৈ উচ্চ যুদ্ধক্ষেত্ৰ । এই যুদ্ধক্ষেত্ৰত ভাৰতীয় সেনাই ১৬ ৰ পৰা ২০ হাজাৰ ফুট উচ্চতাত আন্তঃৰাষ্ট্ৰীয় সীমাৰ সুৰক্ষা প্ৰদান কৰে । কিন্তু সোমবাৰে ছিয়াচিন গ্লেছিয়েৰৰ এটা সেনাচাউনীত হিমবাহে খুন্দা মাৰে । যাৰফলত হাইপোথৰ্মিয়াৰ অভাৱত ৪ জন জোৱানৰ লগতে ২ স্থানীয় লোক নিহত হয় । পাছত হিমস্খলত আবদ্ধ হৈ পৰা এই সকলোকেইজন কৰ্মীকে বাহিৰলৈ উলিয়াই অনা হয় ।

উল্লেখ্য যে এই সেনাচাউনীটো ছিয়াচিন গ্লেছিয়েৰৰ উত্তৰ দিশত ১৯,০০০ ফুট উচ্চতাত আছিল । ইপিনে এই ছিয়াচিন গ্লেছিয়েৰত জোৱানসকলৰ যুদ্ধতকৈ বেছি অক্সিজেনৰ অভাৱ, তীব্ৰ হিমবাহৰ ধুমুহা আৰু হিমস্খলৰ অভাৱতে মৃত্যু হয় ।

Featuredindian army