ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কংগ্ৰেছ কৰ্মী

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ টিকট প্ৰদানক লৈ উত্তপ্ত এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰা । শনিবাৰে দিল্লীস্থিত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে । পেটেল নগৰ আৰু কাৰাৱাল নগৰ বিধানসভা সমষ্টিৰ কৰ্মীসকল ক্ষোভিত হৈ পৰে দলৰ প্ৰাৰ্থিত্ব প্ৰদানক লৈ ।

উল্লেখ্য যে, কাৰাৱাল নগৰ আৰু পেটেল নগৰ বিধানসভা সমষ্টিৰ পৰা অৰবিন্দ সিং আৰু হৰমান সিঙে প্ৰাৰ্থিত্বৰ দাবী কৰিছিল যদিও শীৰ্ষ নেতৃত্বই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে বিধানসভা সমষ্টি দুটাৰ কংগ্ৰেছ কৰ্মী সকলে । প্ৰতিবাদকাৰী সকলে দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সুভাষ চোপ্ৰাৰ বাহনো আৱদ্ধ কৰি ৰাখে ।

Comments (0)
Add Comment