জনাদেশ মানি লৈ গঠনমূলক বিৰোধীৰ ভূমিকা গ্রহণ কৰিবঃ বিজেপি ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ মঙলবাৰে ঘোষিত ফলাফলত আম আদমী পার্টীৰ হাতত শোচনীয় পৰাজয় স্বীকাৰ কৰি জনাদেশ মানি ল’লে বিজেপিয়ে৷ আপৰ ঐতিহাসিক জয়ৰ পিছত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই কয় যে দিল্লীবাসীৰ জনাদেশ মানি লৈছোঁ৷ আমি গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিম৷ নির্বাচনত জয়ৰ বাবে আপ আৰু মুখ্যমন্ত্রী কেজৰিৱালক অভিনন্দন জ্ঞাপন কৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷ টুইটযোগে কেজৰিৱালক অভিনন্দন জনাই বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কয় যে দেশৰ ৰাজধানী দিল্লীৰ সকলো দিশত বিকাশৰ বাবে আপ চৰকাৰে কাম কৰিব তাৰেই আশা কৰিছে৷

ইপিনে এগ্জিট প’লক নস্যাৎ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দম্ভালি মাৰি থকা দিল্লী বিজেপিৰ সভাপতি তথা সাংসদ মনোজ তিৱাৰীয়েও জনতাৰ জনাদেশক মানি লোৱা বুলি অকপটে স্বীকাৰ কৰে৷ দিল্লীৰ ফলাফলক আন্তৰিকতাৰে গ্রহণ কৰি মুখ্যমন্ত্রী কেজৰিৱাল আৰু দিল্লীবাসীক অভিনন্দন জনাই দিল্লী বিজেপিৰ সভাপতি তিৱাৰীয়ে কয় যে আশা কৰোঁ দিল্লীবাসীৰ আকাংক্ষাক পূৰণ কৰিব আপ চৰকাৰে৷ তদুপৰি বিজেপিৰ দিল্লীৰ সভাপতি তিৱাৰীয়ে দলীয় কর্মকর্তাসকলক নির্বাচনত কৰা পৰিশ্রমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷

লক্ষণীয় যে বিজেপি নেতৃত্বাধীন এন ডি এৰ সহযোগী দল জেডিইউৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে দিল্লীত আপৰ জয়ৰ পিছতে মাত্র তিনিটা শব্দ প্রকাশ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয়– জনতাই মালিক৷ উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰেও দিল্লীত আপৰ বিৰুদ্ধে প্রচাৰ অভিযান চলাইছিল৷ আনকি বিজেপিৰ সহযোগী দল হিচাপে এটা সমষ্টিত প্রতিদ্বন্দ্বিতাও আগবঢ়াইছিল৷ আনপিনে, ‘কা’ৰ বিৰোধিতা কৰি জেডিইউৰ পৰা বহিষৃকত নেতা তথা নির্বাচনী ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোৰে মুখ্যমন্ত্রী কেজৰিৱালক জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী কেজৰিৱাল তথা আপৰ বিজয় ভাৰতীয় আত্মা সুৰক্ষাৰ প্রতিবাদৰ জয় বুলি কয় প্রশান্ত কিশোৰে৷ মুখ্যমন্ত্রী কেজৰিৱাল আৰু আপৰ বিজয় বিজেপিৰ ঘৃণাৰ ৰাজনীতিৰ পৰাজয় বুলি উল্লেখ কৰি কেজৰিৱালক অভিনন্দন জ্ঞাপন কৰে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷

Comments (0)
Add Comment