জম্মু-কাশ্মীৰত পৰিস্থিতি স্বাভাৱিক হৈ পৰিছেঃশ্বাহ

নিয়মীয়া বাৰ্তা ২১ নৱেম্বৰঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতি এতিয়া স্বাভাৱিক। বুধবাৰে ৰাজ্যসভাত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি কাশ্মীৰ উপত্যকাত ১৯৫খন আৰক্ষী থানাৰ অধীনস্থ অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে যদিও ৫ আগষ্টৰ পৰা আৰক্ষীৰ গুলীত কোনো লোক নিহত হোৱা নাই। ৰাজ্যসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰিছে। অকল সেইয়াই নহয়, এই সময়ছোৱাত নিৰাপত্তাৰক্ষীলৈ শিলগুটি দলিওৱাৰ ঘটনা হ্ৰাস হোৱা বুলিও গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত উল্লেখ কৰে। জম্মু-কাশ্মীৰৰ দৈনন্দিন জীৱনযাত্ৰা স্বাভাৱিক হৈ পৰা বুলি উল্লেখ কৰাৰ উপৰি মন্ত্ৰীগৰাকীয়ে পৰিবহণ ব্যৱস্থা সুচল হোৱা বুলিও ঘোষণা কৰে। আনফালে শিক্ষা প্ৰতিষ্ঠান সমূহত পৰীক্ষাত ৯৮ শতাংশ শিক্ষাৰ্থী উপস্থিত থকা বুলিও সদনত তথ্য দিয়ে স্বাহে। ম’বাইল ফোন সেৱা ইতিমধ্যে সমগ্ৰ উপত্যকাত পুনৰ আৰম্ভ হোৱা বুলিও কয় নেতাগৰাকীয়ে।

amit shahjammu & kashmirSITUATIONUNDER CONTROL