জেনেৰেল বিপিন ৰাৱাট হ’ব দেশৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃদেশৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ চমুকৈ চিডিএছ হিচাপে নিযুক্তি দিয়া হৈছে সেনাবাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটক । তিনি বছৰীয়া কাৰ্যকাল আজি সামৰণি পৰাৰ পূৰ্বে সেনাবাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটক দেশৰ ইতিহাসত প্ৰথমগৰাকী চিডিএছ ৰূপে নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰে ।

দেশৰ স্থল, বায়ু আৰু নৌসেনা বাহিনীৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু সামৰিক বিষয়ক লৈ চি ডি এছে চৰকাৰৰ উপদেষ্টা হিচাপে কার্যনির্বাহ কৰিব৷

প্রতিৰক্ষা বিভাগৰ অধীনত নতুনকৈ গঠিত সামৰিক পৰিক্রমা বিভাগৰ মুৰব্বী চি ডি এছ পদটো চাৰি তাৰকাযুক্ত জেনেৰেলৰ হ’ব৷

সম্প্রতি তিনি সেনাবাহিনীৰ মুৰব্বীয়ে ৬২ বছৰ বয়সলৈ সেৱা আগবঢ়াই থকাৰ নিয়মক সলনি কৰি কেন্দ্রীয় চৰকাৰে কালি চি ডি এছত কার্যনির্বাহ কৰাৰ বাবে বিষয়াৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰে৷ সেই অনুমোদনমর্মে অৱসৰ গ্রহণ কৰিবলগীয়া সেনাৰ মুৰব্বী জেনেৰেল ৰাৱাটক চি ডি এছ হিচাপে নিযুক্তি দিয়া হয় ৷

উল্লেখ্য যে ১৯৯৯ চনত কার্গিল যুদ্ধৰ সময়ত দেশত চীফ অৱ ডিফেন্স ষ্টাফৰ প্রসংগটো চর্চিত হৈছিল আৰু এই পদৰ বাবে সমিতিও গঠন কৰা হৈছিল৷ কিন্তু বিভিন্ন কাৰণত চি ডি এছ নিযুক্তি প্রক্রিয়া ব্যাহত হৈ আছিল যদিও প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৬ চনত দ্বিতীয়টো কার্যকাল আৰম্ভ কৰিয়েই প্রথম বর্ষৰ স্বাধীনতা দিৱসত চি ডি এছ নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ সেই ঘোষণাৰ প্রায় চাৰি মাহ পাছত দেশে লাভ কৰিলে প্রথমগৰাকী চি ডি এছ৷

Featuredজেনেৰেল বিপিন ৰাৱাট
Comments (0)
Add Comment