জেহাদীৰে মিলিত পাকিস্তানী সেনাৰ শীর্ষ বিষয়া; জইচৰ মাদ্রাছাত বীৰোচিত আদৰণি গফুৰক

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ সন্ত্রাসবাদী সংগঠনবোৰৰ সৈতে পাক সেনাৰ সম্পর্ক অধিক সুদৃঢ় হৈছে৷ এই ঘটনাৰ লগে লগে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে জাৰি কৰিছে সতর্কবাণী৷

যোৱা ২৭ ডিচেম্বৰত পাকিস্তানী স্থলসেনাৰ মুখ্য মুখপাত্র মেজৰ জেনেৰেল আছিফ গফুৰক দক্ষিণ প্রান্তৰ বন্দৰ চহৰ কৰাচীত থকা জামিয়া ৰাছিডিয়া মাদ্রাছাত বীৰোচিত আদৰণি জনোৱা হয়৷ উল্লেখনীয় যে এই মাদ্রাছাখন হৈছে জইচ–ই–মহম্মদৰ সৈতে সম্পর্ক থকা শিক্ষা প্রতিষ্ঠান৷ ৰাৱালপিণ্ডিৰ এক নিৰাপত্তা প্রতিষ্ঠানত শেহতীয়াকৈ পাক সেনাৰ শীর্ষ বিষয়াসকলে জেহাদী সংগঠনৰ মুৰব্বীৰ সৈতে মিলিত হোৱাৰ তথ্যও লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই৷

গতিকে সন্ত্রাসবাদী সংগঠনবোৰক পাকিস্তানে গোপনে শক্তিশালী কৰি তোলাৰ প্রচেষ্টা চলোৱা বুলি সন্দেহ কৰিছে প্রতিৱেশী ভাৰতে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘ তথা আন্তর্জাতিক সংস্থাসমূহে পাকিস্তানক সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনাই আহিছে যদিও এইক্ষেত্রত দেশখনে দুমুখীয়া স্থিতি গ্রহণ কৰি আহিছে৷ শেহতীয়াকৈ পাক সেনা বিষয়াসকলে জেহাদী সংগঠনৰ নেতাসকলৰ সৈতে মিলিত হোৱা বিষয়টোৱে সেই কথাকে স্পষ্ট কৰা বুলি পাকিস্তানৰো একাংশ সাংবাদিকে অভিযোগ কৰিছে৷

স্মর্তব্য যে জামিয়া ৰাছিডিয়া মাদ্রাছা হৈছে একালত ৰাষ্ট্রসংঘ আৰু আমেৰিকাই সন্ত্রাসবাদী প্রতিষ্ঠান আখ্যা দিয়া প্রয়াত মুফ্তি মহম্মদ ৰছিদৰ সংস্থা আল–ৰছিদ ট্রাষ্টৰ নিয়ন্ত্রণাধীন শিক্ষানুষ্ঠান৷

Comments (0)
Add Comment