ঝাৰখণ্ডত কৃষকৰ ঋণ ৰেহাইৰ প্রতিশ্রুতি ৰাহুল গান্ধীৰ

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ মঙলবাৰে ঝাৰখণ্ডত কংগ্রেছৰ হৈ প্রচাৰ অভিযান চলোৱা দলটোৰ নেতা ৰাহুল গান্ধীয়ে কয় যে ছত্তিশগড়ৰ দৰে ঝাৰখণ্ডৰ পৰিস্থিতি সলনি কৰি দিব কংগ্রেছে ৷ ছত্তিশগড়ত ক্ষমতালৈ অহাৰ এবছৰৰ ভিতৰতে কংগ্রেছ চৰকাৰে ৰাজ্যখনৰ প্রগতিৰ ক্ষেত্রত নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰে ৰাহুলে ৷ ঝাৰখণ্ডতো কংগ্রেছ মিত্রজোঁট ক্ষমতালৈ আহিলে জনসাধাৰণৰ ব্যাপক কল্যাণ সাধন কৰা হ’ব বুলি ঘোষণা কৰে ৰাহুলে ৷ উল্লেখনীয় যে ছত্তিশগড়ৰ দৰে ঝাৰখণ্ডতো আছে লক্ষণীয়ভাৱে জনজাতি লোকৰ আধিপত্য ৷ জনজাতি লোকৰ সংখ্যা ঝাৰখণ্ডত অভাৱনীয়ভাৱে বেছি ৷ এই লোকসকলৰ প্রগতিত কংগ্রেছে বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি কালি ৰাজ্যখনৰ প্রচাৰ অভিযানত ঘোষণা কৰাৰ উপৰি কৃষকসকলৰ ঋণ ৰেহাই দিয়াৰো প্রতিশ্রুতি প্রদান কৰে ৰাহুল গান্ধীয়ে ৷

Comments (0)
Add Comment