ঝাৰখণ্ডৰ প্ৰথমটো পৰ্য্যায়ৰ নিৰ্বাচন শেষ ৫৪ শতাংশ ভোটদান সম্পন্ন

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ ঝাৰখণ্ড বিধানসভা প্ৰথম পৰ্য্যায় নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া শেষ হৈছে। প্ৰথম পৰ্য্যায়ত মুঠ ৩৭,৮৩,০৫৫ জন ভোটাৰে ১৮৯ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ৫৪ শতাংশ ভোটদান সম্পন্ন হৈছে।

প্ৰথম পৰ্যায়ৰ ভোটদান চলি থাকোতেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেঅন ত্ৰিপাঠীয়ে বিজেপিৰ প্ৰাৰ্থী আলোক চৌৰসিয়াৰ সৰ্মথকৰ লগত তৰ্কাতৰ্কি হয় আৰু ইয়াৰ মাজতেই কংগ্ৰেছ প্ৰাৰ্থী জনে বিজেপিৰ সৰ্মথকৰ প্ৰতি বন্দুক দেখুৱাই। অৱশ্য়ে নিৰাপত্তা সকল উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে।