ঝাৰখণ্ড নিৰ্বাচনঃ ৫৫ জন কোটিপতি প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ আগন্তুক ৩০ নৱেম্বৰৰ পৰা ঝাৰখণ্ডত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ১৮৯ গৰাকী প্ৰাৰ্থীৰ ৫৫ গৰাকীয়েই হৈছে কোটিপতি । এছ’চিয়েন ফ’ৰ ডেম’ক্ৰেটিক ৰিফ’ৰ্মছ (এডিআৰ) এ মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীসকলে আগবঢ়োৱা শপতনামাৰ বিশ্লেষণ কৰি এই তথ্য সদৰী কৰিছে । এই কোটিপতি প্ৰাৰ্থীসকলৰ ভিতৰত কংগ্ৰেছৰ কৃষ্ণনন্দ ত্ৰিপাঠী আৰু ৰামেশ্বৰ আৰাওন হৈছে শীৰ্ষত থকা দুগৰাকী প্ৰাৰ্থী । ত্ৰিপাঠীৰ সম্পদৰ পৰিমাণ ৫৩.৫ কোটি টকা । ইফালে, আৰাওনৰ সম্পদৰ মূল্য হৈছে ২৮.১ কোটি টকা । ত্ৰিপাঠীয়ে দালটনগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিপৰীতে আৰাওনে লোহাৰদাগা সমষ্টিত আগবঢ়াইছে প্ৰতিদ্বন্দিতা । স্মৰ্তব্য যে, লোহাৰদাগা হৈছে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি । ইফালে, বিজেপিৰ কুছৱাহা শশীভূষণ মেহতা হৈছে তৃতীয় গৰাকী সমৃদ্ধিশালী প্ৰাৰ্থী । মেহতাৰ সম্পদৰ পৰিমাণ ২৭ কোটি টকা । লক্ষণীয়ভাৱে প্ৰথম পৰ্যায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ২৩ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ ।

Featured