ট্রাম্পৰ ফ্ল’ৰিডাৰ বাসগৃহত তালাচী এফ বি আইৰ

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ফ্ল’ৰিডাস্থিত ব্যক্তিগত বাসভৱনত আজি ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেচন (এফবিআই)এ কোনো জাননী নিদিয়াকৈ তালাচী চলায়৷ আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে পুনৰবাৰ নির্বাচিত হোৱাত ব্যর্থ হোৱা ড’নাল্ড ট্রাম্পে ৬ জানুৱাৰীৰ কেপিটল সংঘর্ষ আৰু ২০২০ চনৰ নির্বাচনত অনিয়মৰ আশ্রয় লোৱাৰ বাবে এফ বি আয়ে প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰি আছে৷ দেশৰ ইতিহাসত প্রাক্তন ৰাষ্ট্রপতিৰ বাসগৃহত কোনো ধৰণৰ জাননী নিদিয়াকৈ এফ বি আয়ে তালাচী চলোৱাটো আমেৰিকা যুক্তৰাষ্ট্রৰ কাৰণে ক’লা অধ্যায় বুলি আখ্যা দিছে ড’নাল্ড ট্রাম্পে৷

উল্লেখ্য যে ২০২০ ৰাষ্ট্রপতি নির্বাচনৰ সময়ত ড’নাল্ড ট্রাম্পে বিভিন্ন অন্যায় আৰু অনীতিৰ আশ্রয় লোৱাৰ অভিযোগক লৈ দেশখনৰ ন্যায় বিভাগে এতিয়াও তদন্ত চলাই আহিছে৷ নির্বাচনৰ সময়ত ৬ জানুৱাৰীত কেপিটলত সংঘর্ষৰ আঁৰত ৰাষ্ট্রপতি ট্রাম্প জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ বাবেই দেশখনৰ ন্যায় বিভাগে প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ বিৰুদ্ধে অভিযান চলাই আছে৷