ট্রাম্পৰ হত্যাকাৰীক ৮০ নিযুত ডলাৰ দিব ইৰানে

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ বাগদাদত সেনা জেনেৰেল কাছেম ছোলেইমানীক আমেৰিকাই ড্রোন আক্রমণেৰে হত্যা কৰাৰ পিছৰে পৰা হোৱাইট হাউছ তথা ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে ক্ষোভত জ্বলি আছে সমগ্র ইৰান৷

সোমবাৰে তেহৰানত ছোলেইমানীৰ অন্ত্যেষ্টিক্রিয়াৰ অনুষ্ঠানত অংশগ্রহণ কৰিছে কেইবালাখ লোকে৷ এই অন্ত্যেষ্টিক্রিয়াৰ অনুষ্ঠানত নেতৃত্ব দিছে দেশখনৰ শীর্ষ নেতা আয়াতুল্লা আলী খোমেইনীয়ে৷ কেইবালাখ লোকে অংশগ্রহণ কৰা এই স্মাৰক অনুষ্ঠানৰ মাজতেই দেশখনৰ চৰকাৰী টেলিভিছনে ঘোষণা কৰিছে যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক কোনোবাই হত্যা কৰিলে তেওঁক প্রতিজন ইৰানিয়ান নাগৰিকে ১ ডলাৰকৈ পুৰস্কৃত কৰিব৷

অর্থাৎ ৮০ নিযুত জনসংখ্যাৰ দেশ ইৰানৰ তৰফৰ পৰা ট্রাম্পৰ মূৰৰ মূল্য ৮০ নিযুত ডলাৰ ঘোষণা কৰিছে চৰকাৰী নিউজ চেনেলটোৱে৷

তেহৰানত ছোলেইমানীৰ প্রতি শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পিছত আজি সেনা জেনেৰেলগৰাকীৰ মৃতদেহ সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷

লক্ষণীয়ভাৱে তেহৰানত ছোলেইমানীৰ মৃতদেহ লৈ অহাৰ পিছতেই সেনা জেনেৰেলগৰাকীৰ অনুৰাগীসকল কান্দোনত ভাগি পৰা পৰিলক্ষিত হয়৷ বর্তমান আমেৰিকাৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ হুংকাৰ দি আছে ইৰানে৷

Comments (0)
Add Comment