তবলিগী জামাতৰ সংযোগতে দেশৰ ৬৪৭ ব্যক্তিলৈ বিয়পিল ক’ৰোনা

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতত অংশ লোৱা লোকসকলৰ পৰা যোৱা দুটা দিনত দেশৰ ১৪ খন ৰাজ্যত ৬৪৭ টা ক’ভিড -১৯ সংক্ৰমণৰ ঘটনা সংঘটিত হ’ল । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য । স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব ল’ভ আগৰৱালে আৰু জনোৱা মতে, যোৱা ২৪ ঘণ্টাত ৩৩৪ টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ লগতে ১২ জনকৈ লোকৰ মৃত্যু হৈছে । দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ পৰা তবলিগী জামাতৰ জৰিয়তে আন্দামান আৰু নিকোবৰ, অসম, দিল্লী, হিমাচল, হাৰিয়ানা, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশলৈ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব জনে প্ৰকাশ কৰিছে । তেওঁ আৰু কয় যে, স্বাস্থ্যকৰ্মীৰ প্ৰতি ক’ৰোনা আক্ৰান্ত ৰোগীয়ে কৰা অভব্য আচৰণৰ কথা দৃষ্টিলৈ আহিছে আৰু এনে ব্যক্তিৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, শেহতীয়া তথ্য মতে, ভাৰতত ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩,০৫৩ জনলৈ বৃদ্ধি পাইছে । শুকুৰবাৰে দিনটোত ১২ জন লোকৰ মৃত্যু হোৱাৰ পাচত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৪ জনলৈ বৃদ্ধি পালে । মহাৰাষ্ট্ৰত সৰ্বাধিক ২৬ ৰোগীৰ মৃত্যু হৈছে । শুকুৰবাৰে দিনটোত প্ৰাণ হেৰুৱাই ৬ জন লোকে । আক্ৰান্ত হৈছে ৪৯০ জন । আনহাতে গুজৰাট-অন্ধ্ৰপ্ৰদেশ-হিমাচলত এজনকৈ , তেলেংগানাত দুজন লোকৰ মৃত্যু হয় । তামিলনাডুত কেৱল এজনৰহে মৃত্যু হৈছে যদিও ৪১১ জন লোক এই ৰোগত আক্ৰান্ত হৈছে ।

Featured
Comments (0)
Add Comment