তিনি ৰাজধানীত অনুমোদন অন্ধ্রৰ কেবিনেটৰঃ ৮০০ বিৰোধী নেতাক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ নজিৰবিহীন প্রতিবাদৰ মাজতে অন্ধ্র প্রদেশ কেবিনেটে কালি ৰাজ্যখনৰ তিনি ৰাজধানীৰ সূত্রত অনুমোদন জনাইছে৷

ৱাইএছ জগনমোহন ৰেড্ডী চৰকাৰৰ এই নতুন সূত্র অনুসৰি সচিবালয় থাকিব বিশাখাপট্টনমত, উচ্চ ন্যায়ালয় থাকিব কার্নুলত আৰু বিধানসভা থাকিব অমৰাৱতীত৷ মুখ্যমন্ত্রী ৰেড্ডীৰ কেবিনেটে ৰাজ্যখনৰ ৰাজধানী তিনিখনকৈ মহানগৰত পাতিবলৈ সিদ্ধান্ত লোৱাৰ লগে লগে বিৰোধী দলসমূহে তীব্র বিষোদগাৰ প্রকাশ কৰিছে৷

ইফালে সমগ্র অমৰাৱতীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ পিডিপি তথা অন্যান্য বিৰোধী দলে উলিওৱা ‘চলো এছেম্বলী’ সমদলে অস্থিৰ কৰি তোলে চহৰখনৰ পৰিস্থিতি৷

উল্লেখনীয় যে ৰাজ্যখনৰ প্রশাসনিক ৰাজধানী হিচাপে বিশাখাপট্টনমক গঢ়ি তুলিবলৈ চৰকাৰে সিদ্ধান্ত লোৱাৰ পাছতে পুৱা ১১ বজাত বিৰোধী দলৰ প্রতিবাদত অস্থিৰ হৈ পৰে অমৰাৱতী৷ এই প্রতিবাদী কার্যসূচীলৈ সমর্থন জনায় স্থানীয় বাসিন্দাসকলে৷ অমৰাৱতীৰ ২৯খন গাঁৱত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে প্রশাসনে৷

উল্লেখনীয় যে টিডিপি, চিপিআই তথা অমৰাৱতী জইণ্ট এক্সন কমিটীৰ মুঠ ৮০০ নেতাক জিম্মাত লৈ আৰক্ষীয়ে এই প্রতিবাদী কার্যসূচীক প্রতিৰোধ কৰাৰ প্রচেষ্টা গ্রহণ কৰে৷ মুখ্যমন্ত্রী ৰেড্ডীৰ এনে সিদ্ধান্তৰ পাছতেই টিডিপিয়ে আগন্তুক দিনলৈ প্রতিবাদী কার্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ দেশৰ ভিতৰতেই প্রথমবাৰলৈ এখন ৰাজ্যত তিনিখনকৈ ৰাজধানী চহৰ গঢ়ি তোলাৰ এই সিদ্ধান্তই বিভিন্ন মহলক হতচকিত কৰি তোলাও পৰিলক্ষিত হৈছে৷

Comments (0)
Add Comment