তিব্বত সীমান্তত বর্ষটোৰ প্রথম সামৰিক অনুশীলন চীনৰ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ বর্ষটোৰ প্রথম গুৰুত্বপূর্ণ সামৰিক অনুশীলন আৰম্ভ কৰিছে চীনে৷ তিব্বত সীমান্তত দেশখনে আৰম্ভ কৰিছে এই সামৰিক অনুশীলন৷

ৰাষ্ট্রপতি ঝি জিনপিঙে শীর্ষ সেনা বিষয়াসকলক এই অনুশীলনৰ সময়ত সম্বোধি কৈছে যে চীনৰ সশস্ত্র বাহিনীৰ শক্তি বৃদ্ধি পোৱাটো জৰুৰী৷ যিকোনো যুদ্ধৰ বাবে শীর্ষ সেনা বিষয়াসকলে সশস্ত্র বাহিনীক সষ্টম কৰি তুলিব লাগিব বুলিও মন্তব্য কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷

লক্ষণীয়ভাৱে তিব্বত সীমান্তত আৰম্ভ কৰা এই সামৰিক অনুশীলনত চীনে এবিধ নতুন টেংকৰ পৰীক্ষা চলোৱাৰ উপৰি কেইবাবিধো আধুনিক বৰতোপৰ পৰীক্ষাও সম্পন্ন কৰিছে৷

হেলিকপ্টাৰ, সশস্ত্র বাহন তথা বিভিন্ন অস্ত্র–শস্ত্রৰে তিব্বত সীমান্তৰ পৰা মাত্র ৪,০০০ মিটাৰ নিলগত চীনে আৰম্ভ কৰিছে এই সামৰিক অনুশীলন৷ চীনৰ এই সমৰ অনুশীলনৰ পাছতেই শংকিত হৈ পৰিছে তিব্বত৷ স্মর্তব্য যে বিভিন্ন সময়ত চীনে তিব্বতক নিজ ভূখণ্ডৰ এক স্বশাসিত অঞ্চল বুলি ঘোষণা কৰি আহিছে৷ কিন্তু চীনৰ পৰা স্বাধীন এক পৃথক ৰাষ্ট্র হিচাপে তিব্বতে আন্তর্জাতিক মহলত নিজকে ঘোষণা কৰি আহিছে৷ এই বিষয়টোক কেন্দ্র কৰিয়েই চীন–তিব্বতৰ মাজত চলি আছে সংঘাত৷

Comments (0)
Add Comment