তিহাৰ কাৰাগাৰত এনেদৰে চাৰি ধৰ্ষণকাৰীক ফাঁচিকাঠত ওলমাব মিৰাটৰ জল্লাদে…

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ দেশ কঁপোৱা নিৰ্ভয়া গণধৰ্ষণ গোচৰৰ চাৰি নৰপিশাচক ২২ জানুৱাৰীত ফাঁচিকাঠত ওলমোৱা হ’ব । আদালতৰ এই ৰায়দানক নিৰ্ভয়াৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশেই আদৰণি জনাইছে ।

উল্লেখ্য যে তিহাৰ কাৰাগাৰৰ কোঠা নম্বৰ ২ত তিনিজন থকাৰ লগতে আনজন চাৰি নম্বৰ কোঠাত আছে৷ দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা চাৰি দোষীক ফাঁচি দিবলৈ ইতিমধ্যে কাৰাগাৰ কর্তৃপক্ষই সকলো যাৱতীয় প্রস্তুতি সাজু কৰি ৰাখিছে৷

কাৰাগাৰ কর্তৃপক্ষই প্রকাশ কৰা মতে চাৰি নৰপিশাচক ফাঁচি দিবলৈ মিৰাটৰ পৰা জল্লাদ অনা হ’ব আৰু ৩নং কাৰাগাৰত দোষী ৪ নৰপিশাচক ফাঁচি দিয়া হ’ব৷

গুৰুত্বপূর্ণ যে এবাৰ দুজনৰহে ফাঁচি দিয়াৰ ব্যৱস্থা থকাৰ বাবে চাৰি নৰপিশাচক দুটা পর্যায়ত ফাঁচি দিয়া হ’ব৷ এই প্রক্রিয়াটো প্রায় ৬ ঘণ্টা ধৰি চলিব৷

ইফালে দোষীক ফাঁচি দিয়াৰ দিনা কাৰাগাৰ বন্ধ ৰখাৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হ’ব৷

উল্লেখ্য যে দেশৰ লগতে বিদেশতো তীব্র চাঞ্চল্যৰ সৃষ্টি কৰা নির্ভয়া গণধর্ষণৰ চাৰি দোষীক ৰাষ্ট্রপতিয়ে ক্ষমাদানৰ আবেদন নাকচ কৰাৰ পিছত চাৰি নৰপিশাচৰ মৃত্যুদণ্ড শীঘ্রে কার্যকৰী কৰিবলৈ নির্ভয়াৰ মাতৃয়ে আবেদন জনাইছিল৷ সেই আবেদনৰ শুনানি গ্রহণ কৰিয়েই সত্র ন্যায়াধীশে দিয়া সিদ্ধান্তৰ ফলত মঙলবাৰে সাত বছৰৰ মূৰকত এটি শুভবার্তা লাভ কৰিলে দেশবাসীয়ে৷

FeaturedNirbhaya case
Comments (0)
Add Comment