তৃণমূল কংগ্রেছ নেতাৰ গুলীত নিহত ২ প্রতিবাদকাৰী

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ পশ্চিমবংগৰ মুর্ছিদাবাদত আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলিওৱা এক প্রতিবাদী সমদলৰ ওপৰত তৃণমূল কংগ্রেছ নেতাই গুলীচালনা কৰাত দুজন প্রতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, তৃণমূল কংগ্রেছৰ নেতা জলাংগী ব্লকৰ সভাপতি তাহিৰুদ্দিনে উক্ত সমদলকাৰী লোকসকলৰ ওপৰত নির্বিচাৰ গুলীচালনা কৰাত দুজন লোকে প্রাণ হেৰুৱায়৷ তেওঁলোকক মকবুল শ্বেখ আৰু অনিৰুদ্ধ বিশ্বাস বুলি চিনাক্ত কৰা হৈছে৷ এই ঘটনা সংঘটিত কৰা তাহিৰুদ্দিনক পিছত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে মুছলিম সংখ্যাগুৰু জিলাখনত যোৱা বর্ষৰ ডিচেম্বৰতো ‘কা’বিৰোধী প্রতিবাদৰ সময়ত সংঘর্ষৰ সৃষ্টি হৈছিল৷ মুর্ছিদাবাদৰ কংগ্রেছ সাংসদ অধীৰৰঞ্জন চৌধুৰীয়ে কয় যে এই প্রতিবাদকাৰীসকলক্ শাসনাধীন দল তৃণমূল কংগ্রেছৰ কর্মীয়ে আক্রমণ কৰিছিল৷ ঘটনা সন্দর্ভত পশ্চিমবংগত তীব্র উত্তেজনা বিৰাজ কৰিছে৷

Comments (0)
Add Comment