থোৰতে জানো আহক নির্ভয়া গণধর্ষণ গোচৰৰ সংক্ষিপ্ত ৰূপৰেখা-

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ দেশ কঁপোৱা নিৰ্ভয়া গণধৰ্ষণ গোচৰৰ চাৰি নৰপিশাচক ২২ জানুৱাৰীত ফাঁচিকাঠত ওলমোৱা হ’ব । আদালতৰ এই ৰায়দানক নিৰ্ভয়াৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশেই আদৰণি জনাইছে ।

নির্ভয়া গণধর্ষণ গোচৰৰ সংক্ষিপ্ত ৰূপৰেখা-

  • ১৬ ডিচেম্বৰ, ২০১২ঃ দেশৰ ৰাজধানী নতুন দিল্লীৰ মুনির্কাত বাছত ফিজি’থেৰাপীৰ ছাত্রী নির্ভয়াক চালকসহ ৬জনৰ গণধর্ষণ আৰু হত্যা৷ চালক ৰামসিং, ৰামসিঙৰ ভাতৃ মুকেশ সিং, লগতে অক্ষয় ঠাকুৰ, বিনয় শর্মা, পৱন গুপ্তা আৰু এজন শিশু এই শিহৰণকাৰী ধর্ষণৰ ঘটনাত জড়িত৷
  • ৩ জানুৱাৰী, ২০১৩ঃ হত্যা, গণধর্ষণ, হত্যাৰ চেষ্টা, অপহৰণ, অপ্রাকৃতিক অপৰাধ আৰু ডকাইতিকে ধৰি কেইবাটাও অভিযোগেৰে পাঁচ প্রাপ্তবয়স্কৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ অভিযোগনামা দাখিল৷
  •  ২৮ জানুৱাৰী, ২০১৩ঃ জুভেনাইল জাষ্টিচ ব’ড (জেজেবি)ৰ দ্বাৰা ষষ্ঠ অভিযুক্তক শিশু ঘোষণা৷
  • ২ ফেব্রুৱাৰী, ২০১৩ঃ হত্যাকে ধৰি ১৩টা অপৰাধত পাঁচ প্রাপ্তবয়স্ক লোকক অভিযুক্ত৷
  • ১১ মার্চ, ২০১৩ঃ তিহাৰ কাৰাগাৰত বাছচালক ৰামসিঙক ফাঁচি লগা অৱস্থাত উদ্ধাৰ৷
  •  ২১ মার্চ, ২০১৩ঃ ধর্ষণ আইন দেশজুৰি সংশোধন৷ অভিযুক্তক শাস্তিৰ কঠোৰ আইন প্রস্তুত৷
  • ৩১ আগষ্ট, ২০১৩ঃ জে জে বিয়ে শিশু অপৰাধীক ধর্ষণ আৰু হত্যাকাণ্ড গোচৰত দোষী সাব্যস্ত৷ শিশুৰ সংশোধনী গৃহলৈ তিনি বছৰৰ বাবে প্রেৰণ৷
  •  ১০ ছেপ্ঢেম্বৰ, ২০১৩ঃ ফাষ্টট্রেক আদালতত মুকেশ, বিনয়, অক্ষয়, পৱনক ১৩টা অপৰাধত দোষী সাব্যস্ত৷
  • ১৩ ছেপ্ঢেম্বৰ, ২০১৩ঃ চাৰি দোষীক ফাষ্টট্রেক আদালতৰ মৃত্যুদণ্ডৰ ৰায়৷ শুনানি আদালতে মৃত্যুদণ্ডৰ ৰায় নিশ্চিতকৰণৰ বাবে গোচৰটো দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ৷
  •  ১ নৱেম্বৰ, ২০১৩ঃ দৈনিক ভিত্তিত গোচৰৰ শুনানি আৰম্ভ দিল্লী উচ্চ ন্যায়ালয়ৰ৷
  • ১৩ মার্চ, ২০১৪ঃ চাৰি অভিযুক্তৰ মৃত্যুদণ্ডৰ ৰায় বাহাল উচ্চ ন্যায়ালয়ৰ৷
  •  ২০ ডিচেম্বৰ, ২০১৫ঃ তিনি বছৰ শিশু আশ্রয়গৃহত থকাৰ পিছত শিশু অপৰাধীক মুকলি আকাশৰ তললৈ অহা প্রক্রিয়াক বাধা প্রদানত অসন্মত দিল্লী উচ্চ ন্যায়ালয়৷
  • ৩ এপ্রিল, ২০১৬ঃ উচ্চতম ন্যায়ালয়ৰ গোচৰৰ শুনানি আৰম্ভ৷
  • ২৭ মার্চ, ২০১৭ঃ প্রায় এবছৰ ধৰি শুনানি প্রক্রিয়া সামৰণিৰ পিছত ৰায় সংৰক্ষিত উচ্চতম ন্যায়ালয়ৰ৷
  • ৫ মে’, ২০১৭ঃ চাৰি দোষী অক্ষয় ঠাকুৰ, বিনয় শর্মা, পৱন গুপ্তা আৰু মুকেশ সিঙৰ মৃত্যুদণ্ডৰ ৰায় বাহাল উচ্চতম ন্যায়ালয়ৰ৷
  • ৯ জুলাই, ২০১৮ঃ মুকেশ, পৱন আৰু বিনয়ে দাখিল কৰা পুনৰীক্ষণ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ৷
  •  ১৩ ডিচেম্বৰ, ২০১৮ঃ নির্ভয়াৰ পিতৃ–মাতৃৰ দোষীক শীঘ্রে মৃত্যুদণ্ড দিবলৈ পাটিয়ালা হাউছ ক’টত আবেদন৷
  • ২৯ অক্টোবৰ, ২০১৯ঃ তিহাৰ কাৰাগাৰ কর্তৃপক্ষই নির্ভয়া গণধর্ষণ গোচৰৰ দোষীক ক্ষমাদানৰ আবেদন দাখিল কৰিবলৈ সাত দিনৰ সময়সীমা৷ অন্যথা কাৰাগাৰ কর্তৃপক্ষই আদালতৰ ওচৰ চাপি ব্লেক ৱাৰেণ্ট বিচাৰিব৷
  •  ৮ নৱেম্বৰ, ২০১৯ঃ দিল্লী চৰকাৰক ক্ষমাদানৰ আবেদন বিনয় শর্মাৰ৷
  • ২৯ নৱেম্বৰ, ২০১৯ঃ দিল্লী চৰকাৰৰ গৃহ বিভাগে বিনয় শর্মাৰ ক্ষমাদান আবেদন নাকচ কৰি মুখ্য সচিবলৈ প্রেৰণ৷
  • ৩০ নৱেম্বৰ, ২০১৯ঃ মুখ্য সচিবে ক্ষমাদানৰ আবেদন নাকচ কৰি গৃহমন্ত্রী সত্যেন্দ্রৰ জৈনলৈ প্রেৰণ৷
  • ১ ডিচেম্বৰ, ২০১৯ঃ সত্যেন্দ্রৰ জৈনে আবেদন নাকচ কৰি উপ–ৰাজ্যপালৰ কার্যালয়লৈ প্রেৰণ৷
  •  ২ ডিচেম্বৰ, ২০১৯ঃ উপ–ৰাজ্যপালে বিনয়ৰ ক্ষমাদান আবেদন নাকচ কৰি দিল্লী চৰকাৰৰ সিদ্ধান্তত অনুমোদন৷
  • ৬ ডিচেম্বৰ, ২০১৯ঃ কেন্দ্রীয় গৃহ মন্ত্রালয়ে ক্ষমাদানৰ আবেদন ৰাষ্ট্রপতিলৈ প্রেৰণ৷
  • ১০ ডিচেম্বৰ, ২০১৯ঃ অক্ষয় ঠাকুৰৰ পুনৰীক্ষণ আবেদন উচ্চতম ন্যায়ালয়ত৷
  • ১৭ ডিচেম্বৰ, ২০১৯ঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পুনৰীক্ষণ আবেদন শুনানিত অস্বীকাৰ৷
  • ১৮ ডিচেম্বৰ, ২০১৯ঃ পুনৰীক্ষণ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ৷
  • ৭ জানুৱাৰী, ২০২০ঃ দিল্লী সত্র ন্যায়ালয়ে চাৰি দোষীৰ বিৰুদ্ধে জাৰি কৰিলে মৃত্যু পৰোৱানা, ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচিকাঠত ওলমাব৷
FeaturedNirbhaya caseনির্ভয়া গণধর্ষণ গোচৰ
Comments (0)
Add Comment