নিয়মীয়া বাৰ্তা, ২৮ মে: জাপানত চতুর্দেশীয় কোৱাড সন্মিলনৰ পিছতেই দক্ষিণ চীন সাগৰত শক্তি প্রদর্শন আৰম্ভ কৰিছে চীনা নৌসেনাই৷ সত্য সমাপ্ত কোৱাড সন্মিলনত চীনবিৰোধী স্থিতি গ্রহণ কৰিছিল ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আমেৰিকা, জাপান আৰু অষ্ট্রেলিয়াৰ সৈতে প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আধিপত্য দাবীৰ বিষয়টোৰ বিৰুদ্ধে সহমত পোষণ কৰিছিল ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়ে৷
কিন্তু চতুর্দেশীয় এই শক্তিক প্রত্যাহ্বান জনাই কালিৰে পৰা দক্ষিণ চীন সাগৰত নৌসেনাৰ অনুশীলন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে বেইজিং প্রশাসনে৷ এএফপিৰ প্রতিবেদন অনুসৰি, দক্ষিণ চীনৰ হাইনান প্রদেশৰ সমুদ্র তীৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত ৰঙা চীনৰ নৌসেনাই চলাব অনুশীলন৷
এক বিবৃতিত চীনা নৌসেনাৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে৷ গতিকে, ১০০ বর্গকিলোমিটাৰ জলৰাশিত জাহাজ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চীনে৷ দক্ষিণ চীন সাগৰীয় অঞ্চলত চীনৰ সামৰিক কার্যকলাপৰ তীব্র আপত্তি জনাই আহিছে আমেৰিকাই৷ কালি মার্কিন বিদেশ সচিব এণ্টনী ব্লিংকেনে টাইৱানক লৈ চীনে ৰচি অহা ষড়যন্ত্র সন্দর্ভত কঠোৰ সমালোচনা আগবঢ়াইছে৷
ইফালে, অলপতে টাইৱান দখলৰ বাবে চীনে গুৱাংডু প্রদেশত সেনাক সষ্টম কৰা বুলি এটা অডি’ ফাদিল হোৱাৰ পিছতে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে টাইৱানক ৰক্ষা কৰাৰ বাবে প্রয়োজন হ’লে চীনৰ বিৰুদ্ধে আমেৰিকা যুদ্ধত অৱতীর্ণ হ’ব বুলি হুংকাৰ দিছিল৷ এনে পৰিস্থিতিৰ মাজতে দক্ষিণ চীন সাগৰীয় অঞ্চলত বেইজিঙে নৌসেনাৰ অনুশীলন চলাবলৈ সাজু হোৱাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷