দমন দিউ আৰু দাদৰ আৰু নগৰ হাভেলীৰ নতুন ৰাজধানী দমন

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ কেন্দ্ৰীয় শাসিত অঞ্চল দমন দিউ আৰু দাদৰ আৰু নগৰ হাভেলীৰ ৰাজধানী দমন হ’ব। মোডী কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে দুয়োখন কেন্দ্ৰ শাসিত প্ৰদেশক একে লগে কৰি এখন প্ৰদেশ গঠন কৰিছিল। দমন আৰু দিউৰ বিলয়ৰ পিছত দেশত এতিয়া কেন্দ্ৰীয় শাসিত ৰাজ্য আঠখন হলগৈ। ইয়াৰ পূৰ্বে জম্মু  কাশ্মীৰ লাডাখৰ গঠনৰ পিছত কেন্দ্ৰীয় শাসিত ৰাজ্য ন খন হৈছিল।

Comments (0)
Add Comment