দাবাং ৩ৰ উপাৰ্জনতকৈ ‘কা’ৰ প্ৰতিবাদ অধিক গুৰুত্বপূৰ্ণঃ সোণাক্ষি

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশত প্রতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে এই বিতর্কিত আইনৰ বিৰোধিতা কৰিছে বলীউডৰ জনপ্রিয় অভিনেত্রী সোণাক্ষি সিন্হাই৷ শুকুৰবাৰে ছবিগৃহলৈ অহা ‘দাবাং–৩’ক নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্রতিবাদে প্রভাৱিত কৰা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি অভিনেত্রীগৰাকীয়ে কয় যে এই মুহূর্তত সমগ্র দেশ প্রতিবাদমুখৰ হৈ আছে৷ দেশৰ নাগৰিকৰ এই গণজাগৰণ প্রত্যক্ষ কৰি মই অত্যন্ত সুখী৷ এনে পৰিস্থিতিত ছবি এখনৰ উপার্জনতকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্রতিবাদ সাব্যস্ত কৰাটোহে অধিক গুৰুত্বপূর্ণ বিষয়৷ মন কৰিবলগীয়া যে ছলমান খান আৰু সোণাক্ষি অভিনীত ছবিখনে মুক্তিৰ দিনা মাত্র ২৪ কোটিহে উপার্জন কৰে৷

Comments (0)
Add Comment