দিল্লীত সন্দেহযুক্ত ক’ৰোনা আক্ৰান্তৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ সক্ৰিয় প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিলেও ভাৰতত বৃদ্ধি পাই আছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত দেশৰ কেইবাখনো ৰাজ্যত ১৬ কভিড – ১৯ত আক্ৰান্ত লোক নতুনকৈ চিনাক্ত হোৱাৰ পাছত দেশখনত এই ঘাতক ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৬১ জনলৈ বৃদ্ধি পালে । ইফালে, ক’ৰোনা ভাইৰাছৰ আতংকৰ সময়তে দিল্লীৰ ছফদৰজং হাস্পতালত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । বুধবাৰে সন্ধিয়া হাস্পতালখনত চিকিৎসাধীন এজন ৩৫ বছৰীয়া ক’ৰোনা ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা যুৱক এজনে হাস্পতালখনৰ সপ্তম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে । হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি যুৱকজন বুধবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীৰ পৰা ভাৰতলৈ উভতি আহিছিল আৰু ক’ৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহত তেওঁক দিল্লীৰ বিমানবন্দৰত পৰীক্ষা কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত ছফদৰজং হাস্পতালত নিশা ৯ বজাত ভৰ্তি কৰোৱা হৈছিল । তেওঁৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । উল্লেখ্য যে, যুৱকজনে ছিডনীত যোৱা এবছৰ ধৰি বাস কৰিছিল ।

Comments (0)
Add Comment