দেশজুৰি ১৫০০ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি সৃষ্টি হোৱা অভূতপূর্ব প্রতিবাদ প্রতিৰোধ কৰিবলৈ চৰকাৰে প্রায় ১,৫০০ প্রতিবাদকাৰীক গ্রেপ্তাৰ কৰিছে৷ চৰকাৰী সূত্রই আজি প্রকাশ কৰা অনুসৰি যোৱা ১১ ডিচেম্বৰত বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছৰে পৰা দেশৰ ভিন্ন প্রান্তত প্রায় ১,৫০০ প্রতিবাদকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে আন চাৰি হাজাৰ লোকক আটক কৰি পৰৱর্তী সময়ত মুকলি কৰি দিয়া হৈছে৷ গ্রেপ্তাৰ আৰু আটক হোৱা প্রতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত হিংসাত্মক কার্যত লিপ্ত হৈছিল বুলি দুগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই আজি প্রকাশ কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছৰে পৰা আৰক্ষী আৰু প্রতিবাদকাৰীৰ সংঘর্ষত অতি কমেও ১৯গৰাকী ব্যক্তিয়ে প্রাণ হেৰুৱাইছে৷ উল্লেখ্য যে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশত ধর্মীয় নির্যাতনৰ সন্মুখীন হোৱা হিন্দু, বৌদ্ধ, খ্রীষ্টিয়ান, শিখ, জৈন আৰু পার্চী সম্প্রদায়ৰ লোকক নাগৰিকত্ব দিবলৈ সংশোধন কৰা এই আইনৰ প্রতিবাদত সমগ্র্র দেশ উত্তাল হৈ উঠিছে৷ চৰকাৰে আন্দোলন–প্রতিবাদ প্রশমিত কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে যদিও দেশৰ চৌদিশে দিনকদিনে জনসাধাৰণৰ আন্দোলন আৰু প্রতিবাদ বৃদ্ধি পোৱা দেখা গৈছে৷ সান্ধ্য আইন সত্ত্বেও প্রতিবাদকাৰী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে৷

Featured
Comments (0)
Add Comment