দেশৰ বিদ্যালয়–বিশ্ববিদ্যা সকলো পৰীক্ষা স্থগিত ৰাখিবলৈ কেন্দ্রৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ক’ভিড–১৯ৰ সংহাৰ ক্রমান্বয়ে দেশব্যাপী সম্প্রসাৰিত হোৱাৰ প্রতি লক্ষ্য ৰাখি প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰি কেন্দ্রীয় চৰকাৰে দেশৰ বিদ্যালয়–বিশ্ববিদ্যা সকলো পৰীক্ষা স্থগিত ৰাখিবলৈ নির্দেশ দিছে ৷ বুধবাৰৰ পৰা কার্যকৰী হোৱাকৈ এই নির্দেশ সকলো ৰাজ্য, কেন্দ্রীয়শাসিত অঞ্চলসমূহে পালন কৰিব লাগিব ৷ উল্লেখ্য যে চলিত চিবিএছইৰ পৰীক্ষাসমূহ মার্চৰ সামৰণিত পুনৰ অনুষ্ঠিত কৰাৰ বাবে তাৰিখ নির্ধাৰণ কৰিবলৈও নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে ৷ মন কৰিবলগীয়া যে ইতিমধ্যে ক’ৰোনাত আক্রান্ত ৰাজ্যৰ লগতে প্রতিৰোধী ব্যৱস্থা হিচাপে দেশৰ প্রায়বোৰ ৰাজ্যই শৈক্ষিক প্রতিষ্ঠানসমূহ ৩১ মার্চলৈকে বন্ধ ৰাখিছে যদিও কিছু কিছু পৰীক্ষা অনুষ্ঠিত হৈ আছিল ৷ কেন্দ্রীয় চৰকাৰৰ এই নির্দেশৰ পাছতে সকলো পৰীক্ষা বন্ধ হ’ব ৷

Comments (0)
Add Comment