‘নাছা’ই আৱিষ্কাৰ কৰিলে পৃথিৱীৰ আকাৰৰ বাসোপযোগী গ্রহ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ বজ্ঞানীয়ে মানুহৰ বাসোপযোগী তথা পৃথিৱীৰ সমান এটা গ্রহ প্রথমবাৰৰ বাবে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ এই গ্রহটোত পানীৰ উপস্থিতিও ধৰা পৰিছে৷

তাতকৈও সুখবৰটো হ’ল তুলনামূলকভাৱে গ্রহটো আমাৰ সৌৰজগতৰ কাষতে আছে৷ নাছাৰ প্লেনেট–হাণ্টিং শাখাই এই কথা ঘোষণা কৰিছে হুনুলুলুত অনুষ্ঠিত আমেৰিকান এষ্ট্র’নমিকেল ছ’চাইটীৰ ২৩৫সংখ্যক বৈঠকত৷ তথ্য মতে এই গ্রহটো আমাৰ পৃথিৱীৰ পৰা ১০০ আলোকবর্ষৰ দূৰত্বত এটা নক্ষত্রক কেন্দ্র কৰি ঘূৰি আছে৷

এই নক্ষত্রটোৰ চাৰিওদিশে প্রদক্ষিণকাৰী তিনিটা গ্রহৰ মাজত নাছাই আৱিষ্কাৰ কৰা গ্রহটোৰ পৰা নক্ষত্রটোৰ দূৰত্ব আদর্শজনক হোৱা বাবে গ্রহটোৰ পৃষ্ঠত পানী ধৰি ৰখাৰ ক্ষমতা আছে৷ জ্যেতির্বিজ্ঞানীসকলে মহাকাশ গৱেষণা সংস্থাৰ স্পিটজাৰ স্পেছ টেলিস্কোপৰ সহায়ত গ্রহটোৰ এই সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে৷

টি অ’ আই ৭০০ নামৰ এই গ্রহটোৱে আন দুটা গ্রহৰ তুলনাত কিছু দূৰত থাকি নক্ষত্রটোক প্রদক্ষিণ কৰে৷ গ্রহটোৰ এটা অংশ সদায় পোহৰ হৈ থাকে৷

Comments (0)
Add Comment