নামাজৰ নামত সামাজিক দূৰত্ব উলংঘা ‘হাৰাম’

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দেশৰ ৰাজধানী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাত ক’ৰোনাবাহক হিচাপে দেশজুৰি সংক্ৰমণ বৃদ্ধি কৰি থকা সময়ত উলেমা-ই-হিন্দৰ সচিব প্ৰধান মৌলানা মাহমুদ মাদানীয়ে। লক ডাউনৰ লগতে সামাজিক দূৰত্ৱৰ নিয়ম উলংঘনেৰে ধৰ্মৰ নামত নামাজ পঢ়াটো হাৰাম বুলি স্পষ্টকৈ উল্লেখ কৰি মৌলানা মাহামুদ মাদানী নিজামুদ্দিন মাৰ্কাজৰ দায়িত্বজ্ঞানহীনতাক কঠোৰ ভাষাৰে গৰিহনা দিয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডে টিভিৰ সৈতে হোৱা সাক্ষৎকাৰত মৌলানা মাহমুদ মাদানীয়ে দেশৰ মুছলিমসকলে একত্ৰিত হৈ কৰোনা ভাইৰাছ যাতে বিয়পি নপৰে তাৰ বাবে নিশ্চিত কৰিব লাগিব। এনেক্ষেত্ৰত তবলিগী জামাতৰ কাৰ্য নিন্দনীয়। দেশৰ সচেতন মুছলিমসকলে তবলিগী জামাতৰ এনে কাৰ্যক পৰিহাৰ কৰা উচিত। উল্লেখ্যে যে দেশত ১০ লাখতকৈ অধিক মছজিদ আছে। অধিকাংশই কেন্দ্ৰীয় চৰকাৰৰ ক’ৰোনা ভাইৰাছলৈ দিয়া নিৰ্দেশনা মানি আহিছে। কিন্তু নিজামুদ্দিন মাৰ্কাজৰ কাণ্ডটি নিশ্চয় গৰিহনাৰ যোগ্য। মাৰ্কাজৰ মুৰব্বী মৌলানা ছাদৰ অডিঅ’ বাৰ্তাটোত ক’ৰোনা ভাইৰাছ অথবা সামাজিক দুৰত্ব অনুকৰণ কৰাটো ইছলাম পৰিপন্থী বুলি কোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলিও মন্তব্য কৰে মৌলানা মাদানীয়ে।

Comments (0)
Add Comment