নিজৰ নগ্ন আলোকচিত্র বিক্রী কৰিছে এগৰাকী মডেলে, কিন্তু কিয় ?

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ আচৰিত নহ’ব । এগৰাকী ২০ বছৰীয়া মডেলে নিজৰ নগ্ন আলোকচিত্র বিক্রী কৰা ঘটনাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে । পিচে ভুল নুবুজিব । এইগৰাকী মডেলৰ এই কাৰ্যৰ আঁৰত আছে এক মহান উদ্দেশ্য ।

অষ্ট্রেলিয়াৰ বনজুইত ক্ষতিগ্রস্ত লোকসকলৰ সাহায্যৰ বাবে দান–বৰঙণি সংগ্রহ কৰিবলৈ আমেৰিকাৰ এইগৰাকী ২০ বছৰীয়া মডেলে নিজৰ নগ্ন আলোকচিত্র বিক্রী কৰিছে । যি ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখনীয় যে দুদিনৰ ভিতৰতে কেলেন ৱার্ড নামৰ মডেলগৰাকীয়ে এই আলোকচিত্র বিক্রী কৰি সংগ্রহ কৰিছে প্রায় ৫ কোটিতকৈ অধিক টকা৷

ছ’চিয়েল মিডিয়াযোগে নিজৰ কেইবাখনো নগ্ন আলোকচিত্র বিক্রী কৰিছে আমেৰিকাৰ এই মডেলগৰাকীয়ে৷

বনজুইত আক্রান্ত লোকলৈ ১০ ডলাৰ দান কৰা প্রতিজনলৈ একোখনকৈ নগ্ন আলোকচিত্র প্রেৰণ কৰিছে ৱার্ডে৷

অৱশ্যে তাৎক্ষণিকভাৱে মডেলগৰাকীৰ ইনষ্টাগ্রাম একাউণ্ট বন্ধ কৰি দিয়া হৈছে ৷

Comments (0)
Add Comment