নিৰাপত্তাৰ প্রয়োজনত চাৰধাম সংযোগী পথ বহল কৰাৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ চাৰধাম সংযোগকাৰী পথ বহল কৰা হ’ব নে নাই তাক লৈ উচ্চতম ন্যায়ালয়ৰ পৰামর্শ বিচাৰিছিল কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় চৰকাৰে নিৰাপত্তাৰ প্রশ্ণটোক আগত ৰাখিয়েই চাৰধাম সংযোগী পথ বহল কৰাৰ অনুমতি বিচাৰিছিল৷ কেন্দ্রীয় চৰকাৰৰ যুক্তি মানি লৈ আজি দেশৰ শীর্ষ আদালতখনে চাৰধাম সংযোগকাৰী পথ ১০ মিটাৰ বহল কৰিবলৈ অনুমতি প্রদান কৰিছে৷ চাৰধাম ৰাষ্ট্রীয় প্রকল্পই চাৰিটা ধর্মৰ স্থানক এক পথেৰে যুক্ত কৰিব৷ এই চাৰিটা ধর্মৰ স্থান হৈছে– গংগোত্রী, যমুনোত্রী, কেডাৰনাথ আৰু বদ্রীনাথ৷ এই চাৰি ধর্মৰ স্থানক সংযোগ কৰিব ৮৯৯ কিঃ মিঃজোৰা পথে৷ কিন্তু সমস্যা সৃষ্টি হয় উত্তৰাখণ্ডৰ ডেৰাডুনত পথ বহলকৈ নির্মাণত আহি পৰা প্রত্যাহ্বানৰ বিষয়টোক লৈ৷ পথ বহল হ’লে তাৰ দ্বাৰা পৰিৱেশৰ ক্ষতিসাধন হ’ব পাৰে, এই আর্জি জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল৷ উত্তৰাখণ্ডত সঘনে সংঘটিত ভূমিস্খলনৰ ঘটনাৰ প্রসংগ উত্থাপন কৰা হৈছিল৷ কিন্তু উচ্চতম ন্যায়ালয়ে এই যুক্তি অগ্রাহ্য কৰিছে৷