নিৰ্ভয়া গণধৰ্ষণৰ গোচৰৰ নতুন আদালতলৈ স্থানান্তৰৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ দিল্লীৰ পাটিয়ালা হাউছ আদালতে সোমবাৰে শিহৰণকাৰী নিৰ্ভয়া গণধৰ্ষণ গোচৰ অন্য আদালতলৈ স্থানান্তৰ কৰাৰ অনুমতি প্ৰদান কৰিছে। ২০১২ চনৰ ১৬ ডিচেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীত এখন বাছৰ ভিতৰতে ৬ দুৰ্বৃত্তই নিৰ্ভয়াৰ ওপৰত চলোৱা শিহৰণকাৰী গণধৰ্ষণে পৃথিৱীজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। সোমবাৰে পাটিয়ালা হাউচ আদালতে নিৰ্ভয়াৰ পিতৃ-মাতৃৰ আবেদনত অনুমতি প্ৰদান কৰি এই গোচৰটো অন্য আদালতলৈ স্থানান্তৰৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছে। উল্লেখনীয় যে ২৮ নৱেম্বৰত অতিৰিক্ত সত্ৰ ন্যায়াধীশ সতীশ আৰোৰাৰ আদালতে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখনীয় যে যোৱা ডিচেম্বৰ মাহত নিৰ্ভয়াৰ পিতৃ-মাতৃয়ে আদালতত হাজিৰ হৈ দোষী সাব্যস্ত হোৱা চাৰি অপৰাধীক ফাঁচী দিয়াৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিব লাগে বুলি আবেদন জনাইছিল। নিৰ্ভয়াৰ পিতৃ-মাতৃৰ অধিবক্তা সীমা স্মৃদ্ধিয়ে উল্লেখ কৰা অনুসৰি নতুন আদালতত অপৰাধীক শাস্তি দিয়াৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।

Featured