নেতাজীৰ নামত দেশত প্ৰথমটো মন্দিৰঃ ১২৩ সংখ্যক ওপজা দিনত উদ্বোধন

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ দেশত প্ৰথমবাৰলৈ মন্দিৰত পূজন কৰা হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুক । ২৩ জানুৱাৰী অৰ্থাৎ কাইলৈ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ সংখ্যক ওপজা দিনত উদ্বোধন কৰা হ’ব এই মন্দিৰটো ।

বেনাৰসত নিৰ্মাণ সম্পন্ন হোৱা আজাদ হিন্দ মাৰ্গৰ এই মন্দিৰ কাইলৈ উদ্বোধন কৰিব আৰএছএছৰ প্ৰচাৰক ইন্দ্ৰেশ কুমাৰে । ২৩ জানুৱাৰীত সাধাৰণ লোক বাবে মুকলি কৰি দিব লগা এই বিশেষ মন্দিৰত পূজাৰী ৰূপে থাকিব এগৰাকী দলিত মহিলা । তেওঁ প্ৰতি পুৱা ভাৰত মাতাৰ আৰতিৰে মন্দিৰৰ দুৱাৰ খোলাৰ লগতে ভাৰত মাতাৰ আৰতিৰে বন্ধ কৰিব মন্দিৰৰ দুৱাৰ ।

সুভাষ ভৱনৰ বাহিৰৰ অংশত নেতাজীৰ নামত নিৰ্মাণ কৰা হৈছে এই বিশেষ মন্দিৰ । ১১ ফুট উচ্চতাৰ মন্দিৰটোত সুভাষ বসুৰ গ্ৰেণাইটৰ এটা ক’লা মূৰ্তি স্থাপন কৰা হৈছে । বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ৰাজীৱ হৈছে এই মন্দিৰৰ প্ৰতিষ্ঠাতা ।

মানুহৰ মাজত নেতাজী আৰু দেশৰ প্ৰতি মানুহৰ শ্ৰদ্ধা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই মন্দিৰ স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে অধ্যাপকে ৰাজীৱে । মন্দিৰত খোদিত হৈ থাকিব নেতাজী সম্পৰ্কে জ্ঞাত-অজ্ঞাত বহু কথা । মন্দিৰৰ দৰ্শনাৰ্থী সকলক এই ইতিহাস পঢ়ি চোৱাৰ সুযোগ দিয়া হ’ব ।

Featured
Comments (0)
Add Comment