নেপালৰ হোটেলত মৃত্যু আঠ ভাৰতীয়ৰ

গেছ হিটাৰেই কাল হ’ল কেৰালাৰ পর্যটকৰঃ মুখ্যমন্ত্রী বিজয়নৰ শোক প্রকাশ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ভাৰতৰ কেৰালাৰ পৰা অহা ৮গৰাকী পর্যটক হিমালয়ান ৰাষ্ট্র নেপালৰ হোটেলত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য ৷ নেপালৰ মাকৱানপুৰ জিলাৰ পর্যটনক্ষেত্র ডামানৰ হোটেলত উদ্ধাৰ হৈছে এই ভাৰতীয় পর্যটককেইজনৰ মৃতদেহ ৷ প্রাৰম্ভিক প্রতিবেদন অনুসৰি পর্যটকসকলে ব্যৱহাৰ কৰিছিল গেছ হিটাৰ ৷ ইয়াৰ ফলত হোটেলৰ কোঠাত অক্সিজেনৰ নাটনি ঘটি শোকাৱহ মৃত্যুক আদৰি ল’বলগীয়া হয় পর্যটককেইজনে ৷

তাৎক্ষণিকভাৱে পর্যটকসকলৰ নাম সদৰী কৰা নাই প্রশাসনে ৷ আৰক্ষী অধীক্ষক সুশীল সিং ৰাথোড়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি শোকাৱহভাৱে মৃত্যু হোৱা এই পর্যটকসকলৰ ভিতৰত চাৰিটা শিশুও আছে ৷ উল্লেখনীয় যে কাঠমাণ্ডুৰ এইচএমএছ হাস্পতাললৈ বিমানযোগে সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হোৱা আটাইকেইজন লোকক প্রেৰণ কৰাৰ পিছতে হাস্পতালে আটাইকেইজনকে মৃত বুলি ঘোষণা কৰে ৷ কেৰালাৰ পৰা ১৫জনীয়া এটা দলে ভ্রমণ কৰিছিল নেপাল৷ এই ১৫জনীয়া দলৰে সদস্য আছিল ৮গৰাকী লোক ৷

এই ঘটনাৰ পিছতে কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে গভীৰ শোক প্রকাশ কৰি বিদেশ মন্ত্রালয়লৈ বিশেষ ব্যৱস্থা গ্রহণৰ বাবে পত্র লিখিছে ৷ সংবাদ সংস্থা পিটিআয়ে মৃত্যু হোৱা লোকসকলক প্রবীণ কৃষ্ণন নায়াৰ, শৰণ্যা শশী, শ্রীভদ্র প্রবীণ, আৰছা প্রবীণ, অভিনৱ নায়াৰ, ৰঞ্জিত কুমাৰ পুনাথিল, ইন্দুলক্ষ্মী আৰু বৈষ্ণৱ ৰঞ্জিত বুলি চিনাক্ত কৰা হৈছে৷ কাইলৈ কেৰালালৈ প্রেৰণ কৰা হ’ব আটাইকেইজন লোকৰ মৃতদেহ ৷ ইফালে, বিদেশমন্ত্রী এছ জয়শংকৰে নেপালস্থিত ভাৰতীয় দূতাবাসৰ পৰা সমগ্র ঘটনা পর্যবেক্ষণ কৰা হৈছে বুলি সদৰী কৰিছে ৷

Comments (0)
Add Comment