নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ পাক সন্ত্ৰাসবাদীৰ

বৃহৎ পৰিমানৰ অস্ত্ৰসহ ভাৰতত প্ৰৱেশ কৰা ৭ সন্ত্ৰাসবাদীৰ পাঁচজনক চিনাক্তঃ উত্তৰ প্ৰদেশত ঘাটি পতাৰ সন্দেহ

নিউজডেস্ক, ২৬ নৱেম্বৰঃ কটকটীয়া নিৰাপত্তা বেহুৰ মাজত কাশ্মীৰ সীমান্তৰ বিকল্প পথেৰে ভাৰতত এইবাৰ প্ৰৱেশ ঘটিছে পাক সন্ত্ৰাসবাদীৰ । জইচ-ই-মহম্মদকে ধৰি পাক সন্ত্ৰাসবাদী সংগঠনসমূহে এইবাৰ কাশ্মীৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিছে নেপাল সীমান্তক । ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (নিয়া) আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই নেপাল সীমান্তৰে পাক সন্ত্ৰাসবাদীৰ ভাৰতত প্ৰৱেশ ঘটাৰ বিস্ফোৰক তথ্য লাভ কৰিছে । এই তথ্যৰ উদ্ধৃতিৰে চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ প্ৰৱেশ কৰিছে সাতজনকৈ পাক সন্ত্ৰাসবাদীয়ে । বৃহৎ পৰিমানৰ অস্ত্ৰসহ ভাৰতত প্ৰৱেশ কৰা এই সন্ত্ৰাসবাদীকেইজনে উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু অযোধ্যা জিলাৰ গোপন স্থানত ঘাটি স্থাপন কৰাৰ সন্দেহ কৰা হৈছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলাদুখনৰ স্থানীয় প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে । তদুপৰি চোৰংচোৱাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি সমগ্ৰ উত্তৰ প্ৰদেশত ৰেড এলাৰ্ট জাৰি কৰা হৈছে । ইপিনে সাতজনীয়া সন্ত্ৰাসবাদীৰ দলটোৰ পাঁচজনক ইতিমধ্যে চিনাক্ত কৰিছে চোৰাংচোৱাই । জন্মু-কাশ্মীৰত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ বাবে সন্ত্ৰাসবাদীসকলে কাশ্মীৰ সীমান্তৰে প্ৰৱেশ ৰুদ্ধ হোৱাত বিকল্প ৰূপে নেপাল সীমান্তক ব্যৱহাৰ কৰিছে ।

Featuredindian army