নৱজাতকৰ নাম ক’ৰোনা আৰু ক’ভিড

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃক’ৰোনা ভাইৰাছত লৈ শংকা আৰু ভয়, তেনেদৰে সমগ্ৰ দেশতে লক ডাউন চলি থকাৰ সময়তে ৰায়পুৰত জন্মলাভ কৰা নৱজাতকৰ নাম ৰাখিলে ক’ৰোনা আৰু ক’ভিড। ছত্তিশগড়ৰ এক দম্পতীৰ যমজ সন্তানৰ নাম ৰাখিলে ক’ৰোনা আৰু ক’ভিড ২৭ মাৰ্চৰ পুৱাতেই জন্ম লাভ কৰা সন্তান দুটিৰ নাম অতি উৎসাহৰে পিতৃ-মাতৃয়ে সংহাৰী ক’ৰোনা ভাইৰাছৰ নামেৰে ৰখাত ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছিল। ২৭ বছৰীয়া মাতৃ প্ৰীতি বাৰ্মাই অলপো দ্বিধা নকৰাকৈ কন্যা সন্তানৰ নাম ক’ৰোনা আৰু পুত্ৰ সন্তানটিৰ নাম ক’ভিড ৰাখিলে। উত্তৰ প্ৰদেশৰ বাসিন্দা যদিও কৰ্মসূত্ৰে বৰ্তমান ছত্তিশগড়ৰ ৰায়পুৰৰ পুৰণিবস্তিত বসবাস কৰি আছে দম্পতীয়ে। ড০ বি আৰ আম্বেদকাৰ মেম’ৰিয়েল হাস্পতালত জন্মলাভ কৰা সন্তান দুটিৰ নাম বিশ্ববাসীক শংকিত কৰা ভাইৰাছৰ নামেৰে ৰখাত সম্প্ৰতি অঞ্চলবাসীৰ বাবে চিকিৎসালয়খন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Comments (0)
Add Comment