নৱেম্বৰ–ডিচেম্বৰত্ ভাৰতৰ পৰা সীমান্ত পাৰ হোৱা ৪৪৬জনেই বাংলাদেশী লোক

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বিগত বছৰৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ভাৰতৰ পৰা সীমান্তইদি ৪৪৬জন বাংলাদেশলৈ ঘূৰি গৈছে৷ এই সকলো লোক বাংলাদেশী বুলি প্রকাশ কৰিছে প্রতিৱেশী দেশখনৰ সীমান্তৰক্ষী বাহিনী বিজিবিৰ সঞ্চালকপ্রধান মেজৰ জেনেৰেল ছাফিনুল ইছলামে৷

বৃহস্পতিবাৰে ঢাকাত বিজিবিয়ে এখন সংবাদ মেল সম্বোধন কৰে৷ এই সংবাদ মেলত সঞ্চালকপ্রধানে জানিবলৈ দিয়ে যে সাম্প্রতিক সময়ত বাংলাদেশৰ ৰাজশ্বাহী জিনাইদহ আৰু ছুৱাডাংগাৰ সীমান্তইদি ভাৰতৰ পৰা দলে দলে লোক বাংলাদেশলৈ ঘূৰিছিল৷ এইসকলৰ ভিতৰত নাৰী আৰু শিশুও আছে৷ ভাৰতৰ সীমান্ত পাৰ হৈ বাংলাদেশত প্রৱেশৰ মুহূর্তত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ হাতত আটক হৈ কাৰাবন্দী হয় এইসকল লোক৷

বাংলাদেশত এই সন্দর্ভত নানা আলোচনা আৰু সমালোচনাৰ সৃষ্টি হৈছিল৷ এক পক্ষই প্রচাৰ কৰিছিল যে ভাৰতীয় নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বাবেই ভাৰতৰ পৰা দলে দলে মানুহ বাংলাদেশত অনুপ্রৱেশ কৰিছে৷ কিন্তু বিজিবিৰ সেনাপ্রধানজনে জানিবলৈ দিয়ে যে যোৱা ২ মাহে বাংলাদেশত প্রৱেশ কৰা ৪৪৬জনে সেই দেশৰ নাগৰিক৷ অনুপ্রৱেশকাৰীসকল নথিপত্র পৰীক্ষা কৰাৰ পিছত এই কথা নিশ্চিত কৰে সেনাই৷

সঞ্চালকপ্রধান ছাফিনুল ইছলামে কয় যে সীমান্তৰক্ষী বাহিনী হিচাপে আমাৰ দায়িত্ব হ’ল অবৈধভাৱে কোনো লোকে যাতে সীমান্ত অতিক্রম কৰিব নোৱাৰে, তাক নিশ্চিত কৰা৷ এয়া আমাৰ দায়িত্ব৷ এনআৰচি বা ‘কা’ ভাৰতৰ আভ্যন্তৰীণ বিষয়৷ সেই বিষয়ক লৈ আমাৰ উদ্বেগৰ কোনো কাৰণ নাই বুলিও সঞ্চালকপ্রধানজনে ব্যক্ত কৰে৷ তেওঁ আৰু কয় যে ভাৰতৰ পৰা ঘূৰি অহা সকলো বাংলাদেশী নাগৰিক, যিসকল বিভিন্ন সময়ত অবৈধভাৱে ভাৰতত প্রৱেশ কৰিছিল৷ এইসকল লোক বাংলাদেশলৈ পুনৰ ঘূৰি অহাৰ সৈতে ভাৰতৰ নাগৰিকপঞ্জী বা নাগৰিকত্ব আইনৰ কোনো সম্পর্ক নাই৷

বিগত এটা বছৰত সীমান্তয়েদি ভাৰতৰ পৰা বাংলাদেশলৈ যাব খোজা প্রায় ১,০০০ লোকক বাংলাদেশৰ সেনাই আটক কৰিছে৷ এইসকলৰ সকলো বাংলাদেশী আৰু কামৰ সন্ধানত ভাৰতলৈ গৈছিল৷

Comments (0)
Add Comment