পঞ্জাবত মুকলি হ’ব দুর্নীতিবিৰোধী হেল্পলাইন ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ পঞ্জাবত মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিয়ে আপ নেতা ভগৱন্ত মানে ঘোষণা কৰিছে যে ৰাজ্যখনত ২৩ মার্চৰ পৰাই দুর্নীতিবিৰোধী হেল্পলাইন ব্যৱস্থা মুকলি কৰা হ’ব৷ উল্লেখনীয় যে ২৩ মার্চ হৈছে শ্বহীদ দিৱস৷ এই হেল্পলাইন নম্বৰটো ভগৱন্ত মানৰ ব্যক্তিগত ম’বাইল নম্বৰ৷ মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা এই কথা ঘোষণা কৰা হৈছে৷ হোৱাটছএপযোগে দুর্নীতি সন্দর্ভত এই নম্বৰত সবিশেষ তথ্য জনাব পাৰিব অভিযোগকাৰীয়ে৷ পঞ্জাবত দুর্নীতিৰ বিৰুদ্ধে এয়া হ’ব এক অভিযান৷