পর্যটকৰ প্রিয় বিশ্ব তালিকাত ভাৰতৰ ৭ চহৰ, পিছে কি কি এই চহৰ ?

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ গ্রেট ব্রিটেইনস্থিত গ্ল’বেল মার্কেট ৰিছার্চ কোম্পানী ‘ইউৰ’মনিটৰ ইণ্টাৰনেচনেল ষ্টেটছে’ প্রস্তুত কৰা ২০১৯ চনত বিশ্বৰ সর্বাধিক জনপ্রিয় চহৰৰ তালিকাত ভাৰতৰ ৭খন চহৰে স্থান লাভ কৰিছে৷ ৰাজনৈতিক অস্থিৰতা সত্ত্বেও তালিকাত প্রথম স্থান লাভ কৰিছে হংকঙে৷ তালিকা অনুক্রমে আন কেইখনমান জনপ্রিয় চহৰ হ’ল বেংকক, লণ্ডন, মাকাও আৰু ছিংগাপুৰ৷ ‘ইউৰ’মনিটৰ ইণ্টাৰনেচনেল ষ্টেটছ’ৰ প্রতিবেদনত পর্যটকৰ দৃষ্টিত জনপ্রিয় চহৰৰ তালিকাত স্থান পোৱা ভাৰতৰ ৰাজধানী দিল্লীৰ স্থান একাদশ৷ পর্যটনৰ আন্তঃগাঁথনি, বিশ্বমানৰ বিমানবন্দৰ, স্বাস্থ্য, ক্রীড়া আৰু সাংস্কৃতিক পর্যটনৰ খৰতকীয়া উন্নয়নৰ বাবেই দিল্লীয়ে স্থান পাইছে তালিকাত৷ দেশৰ অর্থনৈতিক ৰাজধানী মুম্বায়ে জনপ্রিয় চহৰৰ তালিকাত ১৪সংখ্যক স্থান লাভ কৰিছে৷ চলিত বর্ষত চহৰখনলৈ ১২ মিলিয়ন পর্যটকৰ আগমন ঘটিছে৷ তাজমহলৰ বাবে বিখ্যাত আগ্রাই জনপ্রিয় চহৰৰ তালিকাত ২৬সংখ্যক স্থান লাভ কৰিছে৷ আগ্রাৰ পাছতে এই তালিকাত স্থান পাইছে চেন্নাই চহৰে৷ ২০১৯ চনৰ এই জনপ্রিয় চহৰৰ তালিকাত স্থান পোৱা আন এখন ভাৰতীয় চহৰ হ’ল পিংক চিটী জয়পুৰ৷ চহৰখনৰ স্থান ৩৬৷ আনহাতে, কলকাতা চহৰে ৭৬সংখ্যক স্থানেৰে জনপ্রিয় চহৰৰ তালিকাত স্থান পাইছে৷ প্রতিবেদনখনত প্রকাশ পোৱা ১০০খন জনপ্রিয় চহৰৰ তালিকাত সপ্তমখন চহৰ হিচাপে ১০০সংখ্যক স্থানেৰে অন্তর্ভুক্তি হৈছে বাংগালুৰু৷ প্রতিবেদন মতে এই ১০০ চহৰৰ তালিকাত এছিয়াৰেই ৪৩খন চহৰে স্থান লাভ কৰিছে৷

Featured
Comments (0)
Add Comment