পাঁচশ বছৰৰ বিবাদ মাত্ৰ ৪৫ মিনিটতে সমাধান উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰঃ ৫০০ বছৰৰ এক বিবাদ মাত্ৰ ৪৫ মিনিটতেই সমাধান কৰাৰ পাছত মহামান্য উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনালে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । দেশৰ গণতন্ত্ৰ আৰু বিচাৰ ব্যৱস্থা এতিয়াও অধিক শক্তিশালী বুলি উল্লেখ কৰি অযোধ্যা ৰায় সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, যোৱা ৯ নৱেম্বৰত মহামান্য উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল । অযোধ্যাৰ বিবাদিত ভূমিতে ৰাম মন্দিৰ নিৰ্মাণৰ লগতে বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি প্ৰদানৰ ৰায় দিয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ।

Featured