পাকত পুনৰ হিন্দু কিশোৰীক অপহৰণ

এছএডি নেতা মঞ্জিন্দাৰ সিঙৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ পাকিস্তানত পুনৰ হিন্দু কিশোৰীৰ অপহৰণক লৈ ভাৰতত সৃষ্টি হৈছে অস্থিৰতা ৷ শিৰোমণি আকালি দল (এছএডি)ৰ নেতা মঞ্জিন্দাৰ সিং শিৰছাই শুকুৰবাৰে অভিযোগ কৰা অনুসৰি, পাকিস্তানৰ বেলুচিস্তান প্রদেশৰ কুৱেট্টা চহৰৰ পৰা আলি ৰাজা নামৰ লোক এজনে অপহৰণ কৰিছে হিন্দু কিশোৰী এগৰাকীক ৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে এছএডি নেতাগৰাকীয়ে সদৰী কৰা অনুসৰি, আলি ৰাজাৰ পূর্বৰে পৰা আছিল দুগৰাকী পত্নী আৰু চাৰি সন্তান৷ উল্লেখনীয় যে কুৱেট্টাৰ ১৪ বছৰীয়া কিশোৰী এগৰাকীক অপহৰণ কৰা বুলি ইতিমধ্যে কিশোৰীগৰাকীৰ পিতৃয়ে এক ভিডি’ ফুটেজ মুকলি কৰিছিল৷ টুইটাৰত মঞ্জিন্দাৰ সিঙে এই ভিডি’ সংলগ্ণ কৰি ঘোষণা কৰিছে যে শিখ আৰু হিন্দু কিশোৰীসকলৰ ওপৰত পাকিস্তানত চলি আছে আতিশয্য৷ এই আতিশয্যৰ বিৰুদ্ধে নতুন দিল্লী প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও নেতাগৰাকীয়ে দাবী উত্থাপন কৰিছে৷ লক্ষণীয়ভাৱে এই কিশোৰীগৰাকীক অপহৰণ কৰাৰ পিছতো আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ আনকি কালিও পাকিস্তানৰ জেক’বাবাদৰ পৰা এগৰাকী ১৬ বছৰীয়া তৰুণীক ৱাজিদ নামৰ লোক এজনে অপহৰণ কৰা বুলি অভিযোগ কৰিছে মঞ্জিন্দাৰ সিঙে৷ অৱশ্যে সিঙে আনুষ্ঠানিকভাৱে কেন্দ্রীয় গৃহ মন্ত্রালয়লৈ কোনোধৰণৰ অভিযোগ প্রেৰণ কৰা নাই৷

Comments (0)
Add Comment