পাকবিৰোধী প্রচাৰত শক্তিশালী ‘ভাৰতীয় লবী’

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাত ভাৰতে শক্তিশালী প্রচাৰ চলাবলৈ সক্ষম হোৱাৰ মূলতে দেশখনত থকা ভাৰতীয় নাগৰিকসকল বুলি উল্লেখ কৰিছে পাক প্রধানমন্ত্রী ইমৰান খানে৷ অর্থাৎ আমেৰিকাত থকা ভাৰতীয় লবীয়ে পাকবিৰোধী প্রচাৰ তীব্রতৰ কৰা বুলি অভিযোগ কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷

গতিকে উত্তৰ আমেৰিকাৰ পাকিস্তানী মূলৰ চিকিৎসকসকলক ভাৰতীয় লবীৰ এই প্রচাৰক প্রত্যাহ্বান জনাবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে৷ ‘এছ’চিয়েচন অৱ ফিজিচিয়ানছ পাকিস্তানী ডিচেণ্ট অৱ নর্থ আমেৰিকা’ (এপিপিএনএ)ৰ প্রতিনিধিৰ সৈতে এক আলোচনাত মিলিত হৈ ইমৰান খানে মন্তব্য কৰে যে ভাৰতীয় লবীৰ বাবেই পাকিস্তান সন্দর্ভত থকা আমেৰিকাৰ নীতি প্রভাৱিত হৈছে৷ শক্তিশালী ভাৰতীয় লবীয়ে আমেৰিকাৰ নীতিক প্রভাৱিত কৰাৰ ফলত পাকিস্তানৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ গতিকে ইমৰানৰ মতে এপিপিএনএৰ পৰা গঢ়ি তুলিব লাগিব প্রত্যাহ্বান৷

Comments (0)
Add Comment