পাকিস্তানত উচ্চ শিক্ষা গ্রহণ নকৰিবঃ ইউজিচি

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ পাকিস্তানত উচ্চ শিক্ষা গ্রহণ নকৰিবলৈ ভাৰতীয় শিক্ষার্থীক পৰামর্শ আগবঢ়াইছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচি আৰু সর্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ চমুকৈ এআইচিটিইয়ে৷ ইউজিচি আৰু এআইচিটিইয়ে প্রকাশ কৰা মতে, কোনো ভাৰতীয় কিম্বা প্রবাসী ভাৰতীয়ই পাকিস্তানত ডিগ্রী কিম্বা কোনো কাৰিকৰী ডিগ্রী গ্রহণ কৰিলে তেনে শিক্ষার্থীৰ ভাৰতত উচ্চ শিক্ষা গ্রহণ কৰা কিম্বা সংস্থাপনৰ ক্ষেত্রত যোগ্যতা নাথাকিব৷ অৱশ্যে প্রব্রজনকাৰী আৰু তেনে পৰিয়ালৰ সন্তানে যদি পাকিস্তানত উচ্চ শিক্ষাৰ ডিগ্রী লাভ কৰিছে আৰু তেওঁলোকক ভাৰত চৰকাৰে নাগৰিকত্ব প্রদান কৰিছে, তেনে লোকে ভাৰতত সংস্থাপন আৰু উচ্চ শিক্ষা গ্রহণৰ সুবিধা লাভ কৰিব৷