পাৰভেজ মুছাৰফক মৃত্যুদণ্ডৰ ৰায়দান

৩জনীয়া বিশেষ বিচাৰপীঠৰ ৰায়দান

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফক মৃত্যুদণ্ডৰ ৰায়দান। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত এই ৰায়দান লাহোৰ হাইক’ৰ্টৰ ৩জনীয়া বিশেষ বিচাৰপীঠৰ। ২০০৭চনৰ ৩ নবেম্বৰত দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ অপৰাধত মুছাৰফৰ বিৰুদ্ধে ৰুজু হৈছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। ২০১৩ চনত ৰুজু হোৱা এই গোচৰ ৰায়দানত ২০১৪ৰ ৩১ মাৰ্চত দোষী সাব্যস্ত হৈছিল মুছাৰফ। কিন্তু  শাৰিৰীক অসুস্থতাৰ বাবে ২০১৬চনত পাকিস্তান এৰিছিল মুছাৰফে ফলস্বৰূপে  শুনানি স্থগিত ৰাখিবলগীয়া হৈছিল। কিন্তু  চলিত বৰ্ষৰ ১৯ নবেম্বৰত শুনানি সম্পূৰ্ণ হৈছিল আৰু মঙলবাৰে ৭৬ বছৰীয়া মুছাৰফক মৃত্যুদণ্ডৰ ৰায়দান দিয়ে আদালতে।

Featuredমৃত্যুদণ্ডৰ ৰায়দান
Comments (0)
Add Comment