পোছাক সলনি হ’ল ৰাজ্যসভাৰ মাৰ্শ্বালৰ

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই ৰাজ্যসভাৰ সদস্যসকলে নতুন ৰূপত দেখিবলৈ পালে অধ্যক্ষৰ কাষত থকা দুয়োজন মাৰ্শ্বালক । পূৰ্বে ভাৰতীয় সাজসজ্জাৰে থকা এই দুই মাৰ্শ্বালক বৰ্তমান দেখা পোৱা গৈছে সামৰিক পোছাকত । বৰ্তমানৰ এই ইউনিফৰ্মত সেনাৰ সদৃশ পোছাক দিয়াৰ লগতে মূৰত আছে একোটাকৈ টুপী । উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ এই অধিৱেশনসহ ২৫০ সংখ্যক অধিৱেশন সম্পন্ন কৰিব ৰাজ্যসভাই ।

Featured