প্রচণ্ড তাপদহনৰ কবলত দেশৰ ৰাজধানী নতুন দিল্লী

নিয়মীয়া বাৰ্তা, ১৭ মে’: প্রচণ্ড তাপপ্রবাহত দহিছে দেশৰ ৰাজধানী দিল্লী তথা ইয়াৰ সমীপৱর্তী অঞ্চলবোৰ৷ এতিয়ালৈকে পাৰস্তম্ভ ঊর্ধ্বগামী হৈছে ভয়াৱহভাৱে৷ দিল্লীত তাপমাত্রাই নতুন অভিলেখ গঢ়িছে৷ ৫০ ডিগ্রী চেলছিয়াছ উষ্ণতাত দিল্লী, নয়দা আদি অঞ্চলত শ্রমিকসকলে কাম কৰিবলগীয়া হৈছে৷ লক্ষণীয়ভাৱে অভাৱনীয় এই তাপমাত্রাৰ ফলত আটাইতকৈ সংকটৰ সন্মুখীন হৈছে দুখীয়া শ্রমজীৱী লোকসকল৷

স্মর্তব্য যে দিল্লী আৰু ইয়াৰ সমীপৱর্তী বিভিন্ন ৰাজ্যত এতিয়া তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছৰ ওপৰত৷ আনকি কোনো কোনো স্থানত ৪৯–৫০ ডিগ্রী চেলছিয়াছ উষ্ণতাত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ হৈ পৰিছে৷ আগন্তুক চাৰি দিনলৈ এই ভয়াৱহ তাপপ্রবাহ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগৰ পৰা সতর্কবাণী কৰা হৈছে৷ অর্থাৎ চাৰি দিন পিছত দিল্লী আৰু ইয়াৰ সমীপৱর্তী ৰাজ্যসমূহত বৃষ্টিপাতৰ সম্ভাৱনা আছে৷