প্লাষ্টিক আৱর্জনাত মৃত্যু ৫ লক্ষাধিক কেঁকোৰাৰ

প্রশান্ত–ভাৰত মহাসাগৰীয় দ্বীপৰ প্রাণীকুলৰ অস্তিত্বলৈ নামি আহিছে ভাবুকি

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ প্লাষ্টিক প্রদূষণে সমুদ্রৰ জীৱকুলৰ অস্তিত্বলৈ কঢ়িয়াই আনিছে ভাবুকি ৷ শেহতীয়াকৈ ভাৰত মহাসাগৰীয় দ্বীপ ক’কোছত ৫ লাখ ৮ হাজাৰ দুষ্প্রাপ্য প্রজাতিৰ কেঁকোৰাৰ প্লাষ্টিক আৱর্জনাত আবদ্ধ হৈ মৃত্যু হৈছে ৷ একে সময়তে প্রশান্ত মহাসাগৰীয় দ্বীপ হেণ্ডাৰছনত প্লাষ্টিক আৱর্জনাত আবদ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ হৈছে ৬১ হাজাৰ কেঁকোৰা ৷ সমুদ্রৰ নির্জন অঞ্চলত বিচৰণ কৰে এই কেঁকোৰাবিধে ৷ সেইবাবে ইয়াৰ নাম হার্মিট ক্রেব অথবা ‘নির্জনবাসী কেঁকোৰা’ ৷ এই বিষয়টোৱে এতিয়া আন্তর্জাতিক গৱেষকসকলৰ নজৰ কাঢ়িছে ৷ নেচাৰেল হিষ্ট’ৰী মিউজিয়ামৰ গৱেষক তথা প্রাণী বিজ্ঞানী ড০ এলেক্স বণ্ডে উল্লেখ কৰা অনুসৰি কেঁকোৰাবোৰে এই প্লাষ্টিক আৱর্জনাত প্রাণ হেৰুওৱাৰ কাৰণ হৈছে কেঁকোৰাই সাধাৰণতে জটিল ফান্দত সোমাই পৰিলে ওলাই অহাটো কঠিন হৈ পৰে ৷ লক্ষণীয়ভাৱে বিজ্ঞানীগৰাকীয়ে এই নির্জনবাসী কেঁকোৰাৰ বাবে সমুদ্রত প্লাষ্টিক আৱর্জনাই অস্তিত্বৰ সংকট কঢ়িয়াই আনিব পাৰে বুলি সতর্কবাণী কৰিছে ৷ উল্লেখনীয় যে বিজ্ঞানীগৰাকীৰ নেতৃত্বত চলা দীর্ঘদিনীয়া অধ্যয়নৰ প্রতিবেদন ইতিমধ্যে এক জার্নালত প্রকাশ পাইছে ৷ ইয়াৰ পিছতে স্পষ্ট হৈছে যে প্লাষ্টিক আৱর্জনাই সমুদ্রৰ বহু জীৱৰ বিলুপ্তি ঘটাব পাৰে ৷

Featured
Comments (0)
Add Comment