প্ৰচাৰত ছোনিয়া গান্ধী-প্ৰিয়ংকাক বিচাৰি অনুৰোধ ঝাৰখণ্ড কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ মহাৰাষ্ট্র আৰু হাৰিয়ানা বিধানসভা নির্বাচনৰ ফলাফলৰ পাছত কংগ্রেছ শীর্ষ নেতৃত্বই দলটোৰ নেতাসকলক ঝাৰখণ্ডৰ নির্বাচনত প্রচাৰ কার্যত নমোৱাৰ ক্ষেত্রত প্রচেষ্টা চলাই আছে ৷ উল্লেখনীয় যে ৰাহুল গান্ধীৰ উপৰি ছোনিয়া গান্ধী আৰু প্রিয়ংকাক ঝাৰখণ্ডৰ প্রচাৰত নমোৱাৰ বাবে দলৰ নেতৃত্বই চিন্তা–চর্চা চলাই আছে যদিও এইক্ষেত্রত কোনোধৰণৰ ইতিবাচক সঁহাৰি পোৱা নাই ঝাৰখণ্ড কংগ্রেছে ৷ দলৰ নির্বাচন কমিটীয়ে ছোনিয়া গান্ধী আৰু প্রিয়ংকাই প্রচাৰ চলাব বুলি ঘোষণা কৰিছে যদিও ৰাহুলৰ বাদে পৰিয়ালটোৰ কোনো সদস্যই ৰাজ্যখনত প্রচাৰ চলোৱাৰ ক্ষেত্রত সন্মতি প্রদান কৰা নাই ৷ গতিকে চাৰিটা পর্যায়ৰ নির্বাচন বাকী থকা ঝাৰখণ্ডত কংগ্রেছ দলৰ প্রচাৰ অভিযানত ভবা মতে ৰথী–মহাৰথীয়ে অংশগ্রহণ নকৰিব পাৰে ৷ এই আশংকা কৰি বাৰে বাৰে প্রদেশ কংগ্রেছে হাইকমাণ্ডলৈ ছোনিয়া আৰু প্রিয়ংকাক প্রেৰণৰ বাবে দাবী জনাই আহিছে ৷

Comments (0)
Add Comment