প্ৰজ্ঞাৰ পিছত গডছেক দেশভক্ত কলে শিলাদিত্যই

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে নাথুৰাম গডছেক দেশভক্ত বুলি কৰা বক্তব্যক সমৰ্থন কৰিছে অসমৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে। শিলাদিত্য দেৱে কয় যে মই প্ৰজ্ঞা ঠাকুৰক ছেল্যুট কৰিছো, কাৰণ তেওঁ সঁচা কথা কৈছে। লগতে তেওঁ উল্লেখ কৰে যে গান্ধীয়ে হিন্দুৰ লগত যি কৰিলে, সেইটো শুদ্ধ নাছিল। যাৰ বাবে বহু লোকে গান্ধীৰ বিৰোধ কৰিছিল। হ’ব পাৰে গডছে অলপ আক্ৰাত্মক হৈ গৈছিল, কাৰণ তেওঁ নৌবাখালীৰ লাখ লাখ হিন্দু হত্যা কৰাক লৈ দুখী হৈছিল। দেশ বিভাজনৰ পিছত ভাৰত চৰকাৰে পূৰ্ব পাকিস্তান আৰু পশ্চিমী পাকিস্তানক বহু সহায় কৰিছিল, যাৰ পৰিপেক্ষিতত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ বহু লোকচান হৈছিল। কিন্তু গান্ধীক এইবোৰ কাৰ্য কৰাৰ পৰাৰ কোনো বাধা দিব পৰা নাছিল।

বিধায়ক শিলাদিত্য দেৱে এখন ৰাষ্ট্ৰীয় আলোচনীত এই উল্লেখিত মন্তব্য কৰে। উল্লেখ্য যে ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে লোকসভাত চলি আলোচনা চক্ৰত নাথুৰাম গডছেক দেশভক্ত বুলি কৈছিল। যাৰ পৰিপেক্ষিতত সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশেষত সাংসদ গৰাকীয়ে আজি লোকসভাত এই মন্তব্যৰ ওপৰত ক্ষমা বিচাৰে।