প্ৰথমবাৰৰ বাবে ঘোঁৰাত উঠি পেট্ৰ’লিং দিব মুম্বাই আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে দেওবাৰে জনাইছে যে- এইবৰ্ষৰ গণতন্ত্ৰ দিৱসৰ পাছত মুম্বাই আৰক্ষীত নতুনকৈ সংযোজন হ’ব অশ্ব আৰক্ষী বাহিনীৰ এটা বিশেষ গোট (mounted police unit)।

বিশেষকৈ মুম্বাই চহৰখনত বৰ্ধিত ট্রেফিক আৰু তীব্ৰ যানজঁটৰ সমস্যাক নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে এই আৰক্ষী বাহিনীক নিযুক্তি প্ৰদান কৰিব ।

ইপিনে দেশমুখে লগতে কয় যে, ক্রমবর্ধমান যানজঁটৰ কাৰণে ১৯৩২ চনত এই বাহিনীটোৰ বন্ধ হৈ গৈছিল । কিন্তু এতিয়াৰে পৰা পুনৰ ৮৮ বছৰ পাছত এই আৰক্ষী ইউনিটটো সংযোজন ঘটোৱা হ’ব ।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয়- এই ইউনিটটোৱে উৎসৱ আৰু মেলাৰ সময়ত যানজঁটৰ সমস্যা দূৰ কৰিবলৈ ঘোঁৰাৰ ব্যৱহাৰ কৰিব । লগতে এই ইউনিটটোৰ আৰোহীসকলে এটা উচ্চতাৰ পৰা সকলো ফালে নিৰীক্ষণ কৰাতো সুবিধা লাভ কৰিব ।

আনহাতে পৰৱর্তী ৬ মাহত এই ইউনিটটোত এজন উপ-পৰিদর্শক, এজন সহকাৰী পিএছআই, চাৰজন হাৱালদাৰ আৰু ৩২ জন কনিষ্টবলৰ সৈতে ৩০ টা ঘোঁৰা চামিল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।

Comments (0)
Add Comment