পৰৱৰ্তী সেনা প্ৰধান মনোজ মুকুন্দ নৰৱানে কোন ? জানো আহক –

-প্ৰণৱ জ্যোতি মহন্ত

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ বিপিন ৰাৱটৰ পিছত লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেক ভাৰতীয় সেনাৰ মুৰব্বী হিচাপে নিয়োগ কৰা হ’ব। এইগৰাকী সুদক্ষ সেনাবিষয়াৰ বিষয়ে থোৰতে জানো আঁহক –

  • ৫৯ বছৰীয়া নৰৱানেক চীন সম্পৰ্কত বিশেষজ্ঞ বুলি জনা যায় । তেওঁ জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব ভাৰতৰ সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত এগৰাকী অভিজ্ঞ বিষয়া । বর্তমান তেওঁ ভাৰতীয় সেনাবাহিনীৰ উপ-প্রধান ৰূপে কৰ্মৰত । ইয়াৰ পূৰ্বে কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ নেতৃত্বত আছিল মনোজ মুকুন্দ নৰৱানে।
  • তেওঁ হৈছে বৰ্তমানৰ সেনাপ্ৰধান বিপিন ৰাৱাটৰ পিছতেই সবাতোকৈ জ্যেষ্ঠ সেনা বিষয়া । 
  • যিসময়ত সেনা বাহিনীক পুনঃগঠন কৰি স্বাধীন ভাৰতৰ ইতিহাসত বৃহত্তম অনুশীলন চলাই থকা হৈছে সেই সময়তে নৰৱানেই সেনা প্রধানৰ দায়িত্ব গ্ৰহণ কৰিব ।
  • ইপিনে যিসময়ত সেনাই পৰ্যাপ্ত ধনৰ অভাৱত ভুগি আছে, সেই সময়ত সেনা বাহিনীক আধুনিকীকৰণেৰে আগুৱাই নিয়াটো হ’ব নৰৱানেৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান ।
  • ভাৰতীয় সেনা বাহিনীত তেওঁৰ ৩৯ বছৰীয়া সামৰিক কাৰ্যকালত নৰৱানেই ৰাষ্ট্রীয় ৰাইফলছ বেটেলিয়নৰ নেতৃত্ব, পদাতিক ব্রিগেডৰ নেতৃত্ব, ষ্ট্ৰাইক কর্প আৰু সেনাৰ প্রশিক্ষণৰ নেতৃত্ব প্ৰদান কৰিছিল ।

Army ChiefFeaturedLt Gen MM Naravane
Comments (0)
Add Comment