‘ফক্স নিউজ’ৰ ৰিপ’টাৰক চুম্বন যাচিছিল ড’নাল্ড ট্রাম্পে

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে বিভিন্ন সময়ত মহিলাই আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ বহু নাৰীয়ে ট্রাম্পৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ আনিছে যদিও ইয়াক অস্বীকাৰ কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷

শেহতীয়াকৈ ফক্স নিউজৰ এগৰাকী প্রাক্তন ৰিপ’টাৰে ট্রাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছে যে ৰাষ্ট্রপতি হোৱাৰ পূর্বে ধনকুবেৰ ব্যৱসায়ীজনে ট্রাম্প টাৱাৰলৈ তেওঁক আমন্ত্রণ জনাইছিল চুম্বন দিয়াৰ বাবে৷ টেলিফোনত ফক্স নিউজৰ প্রাক্তন ৰিপ’টাৰ কার্টনী ফ্রায়েলক ট্রাম্পে আমন্ত্রণ জনোৱাই নহয়, ফক্স নিউজ পৰিয়ালৰ এগৰাকী ‘হটেষ্ট’ মডেলো আখ্যা দিছিল মহিলাগৰাকীক৷

লক্ষণীয়ভাৱে সঘনে ফক্স নিউজৰ জনপ্রিয় শ্ব’ ‘ফক্স এণ্ড ফ্রেণ্ডছ’ৰ অতিথি হৈছিল ট্রাম্প৷ শেহতীয়াকৈ কার্টনীয়ে লিখি উলিওৱা গ্রন্থ ‘টু নাইট এট ১০ ঃ কিকিং বুজ এণ্ড ব্রেকিং নিউজ’ শীর্ষক গ্রন্থত ট্রাম্প সন্দর্ভত এই কথা উল্লেখ কৰিছে৷ অহা সপ্তাহত বজাৰলৈ আহিব কার্টনীৰ এই নতুন গ্রন্থ৷ ইতিমধ্যে কার্টনীৰ অভিযোগক লৈ দেশখনৰ সংবাদ মাধ্যমত সৰৱ চর্চা চলিছে৷

Comments (0)
Add Comment